১৯৯০ চনতে অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতাৰ আঁচনিৰ অধীনত স্থাপন কৰা মৰাণ অইল ইণ্ডিয়া উঢ্ঢতৰ মাধ্যমিক বিদ্যালয়ৰ স্কুল বাচ বন্ধ কৰি পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠানখনেই সম্পূৰ্ণ ৰূপে বন্ধ কৰিবৰ বাবে চলোৱা ষড়যন্ত্ৰ বিৰুদ্ধে সম্প্ৰতি সৰৱ হৈ উঠিছে ‘আছু’ৰ মৰাণ আঞ্চলিক সমিতি৷ অইল ইণ্ডিয়াৰ এনে থলুৱা বিৰোধী কাৰ্যৰ প্ৰতিবাদত অহা ২২ ছেপ্টেম্বৰত সংগঠনটোৱে মৰাণ অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব৷ আজি প্ৰেৰণ কৰা এক প্ৰেছ বিবৃত্তি যোগে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শৈল্য বড়া আৰু সাধাৰণ সম্পাদক স্বৰাজ বৰুৱাই এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷ উল্লেখ্য যে, যোৱা ১ ছেপ্টেম্বৰৰ পৰা অইল ইণ্ডিয়া লিমিটেডে স্কুল বাচ বন্ধ কৰাৰ পাচত দাঁতিকাষৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে৷ ফলত যোৱা ১২ ছেপ্টেম্বৰত ‘আছু’ৱে তিনি দিনৰ সময়সীমা বান্ধি অইল ইণ্ডিয়াক বিষয়টো সম্পৰ্কত দৃষ্টিভংগী স্পষ্ট কৰিবৰ বাবে আহ্বান জনাইছিল৷ কিন্তু অইল ইণ্ডিয়া লিমিটেডে জাতীয় সংগঠনটোৰ দাবীক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল৷ তাৰ বিপৰীতে বিগত ১৯ দিনে স্কুল বাচ সম্পূৰ্ণ ৰূপে বন্ধ কৰি ৰাখিছে অইল ইণ্ডিয়াই৷ ইফালে স্কুল বাচ পুনৰ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ‘টাইপা’, মৰাণ আঞ্চলিক সমিতি আৰু খুমটাই যুৱ বিকাশ মঞ্চইও ইতিমধ্যে দাবী পত্ৰ প্ৰদান কৰিছে অইল ইণ্ডিয়াৰ হাতত৷ তৎস্বত্বেও অঞ্চলটোৰ ৰাইজৰ দাবীক তিলমানো গুৰুত্ব দিয়া নাই অইলে৷ উল্লেখযোগ্য যে, বৃহত্তৰ মৰাণ অঞ্চলৰ গুণগত শিক্ষা লাভ কৰাৰ অন্যতম শিক্ষানুষ্ঠানখন বন্ধ কৰিবৰ বাবে দীৰ্ঘদিনৰ পৰাই অইল ইণ্ডিয়াই ষড়যন্ত্ৰ চলোৱা বুলি অভিযোগ উঠিছে৷ ২০০৪ চনত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা বন্ধ কৰি অঞ্চলটোৰ উঠি অহা প্ৰজন্মৰ ব্যাপক ক্ষতি সাধন কৰাৰ পাচত শেহতীয়াকৈ সম্পূৰ্ণ ৰূপে বিদ্যালয়খন বন্ধ কৰাত উঠি পৰি লাগিছে অইল ইণ্ডিয়া৷ আনহাতে স্থানীয় ৰাইজে বিষয়টো সমষ্টিটোৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহনৰ দৃষ্টিগোচৰ কৰে যদিও বিষয়টোত তেখেতে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উঠিছে৷ বিবৃত্তিটোত, অইল ইণ্ডিয়া লিমিটেডে পুনৰ স্কুল বাচ চলাচলৰ ব্যৱস্থা নোলোৱা পৰ্যন্ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী চলাই যোৱা হ’ব বুলিও লগতে সকিয়নী দিয়ে ‘আছু’নেতা শৈল্য বড়া আৰু স্বৰাজ বৰুৱাই৷