ছিপাঝাৰত চৰকাৰৰ যোগান বিভাগৰ প্লাষ্টিকসদৃশ চাউল।চৰকাৰী সুলভ মূল্যৰ চাউলৰ নামত বৰ বিহ।

ছিপাঝাৰৰ সুলভ মূল্যৰ দোকানত ওলাল প্লাষ্টিক সদৃশ চাউল।দুখীয়া লোকলৈ যোগান ধৰা চাউলৰ লগত প্লাষ্টিকৰ চাউল থকাৰ অভিযোগ গ্ৰাহকৰ।ছিপাঝাৰৰ দক্ষিণ চুবুৰীৰ সুলভ মূল্যৰ এজেন্ট গোলোক শৰ্মাই বৰদৌলগুৰি সমবায় সমিতিৰ পৰা লাভ কৰিছিল ১৬ কুইন্টল চাউল।একাংশ গ্ৰাহকে চাউল ঘৰলৈ নিয়াৰ পিছতে চাউল ভেজালৰ অভিযোগ কৰিছে।সদ্যহতে আটাইখিনি চাউলৰ বিতৰণ বন্ধ ৰাখিছে এজেণ্টজনে।