সদৌ অসম তনজিম মাদাৰিছে ক্বৌমিয়াৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত কালি হোজাই জিলাৰ অন্তৰ্গত নীলবাগানস্থিত সদৌ অসম তনজিম মাদাৰিছে ক্বৌমিয়াৰ কাৰ্যালয়ত এখন বৰ্দ্ধিত কাৰ্যকৰী সভা অনুষ্ঠিত হয় ৷ কৌমিয়াৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমীয়ে উদ্দেশ্যে ব্যাখ্যা কৰা সভাত তনজিম মাদাৰিছে ক্বৌমিয়াৰ অধীনত থকা ৰাজ্যৰ বিভিন্ন জিলাৰ মাদ্ৰাছাৰ শিক্ষক সকলৰ লগতে জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলাম , মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম সহ তনজিম মাদাৰিছে কৌমিয়াৰ বিষয়ববীয়া সকল উপস্থিত থাকি শৈক্ষিক দিশৰ উপৰত আলোচনা কৰে ৷ বৰ্দ্ধিত কাৰ্যকৰী কাৰ্য্যকৰী সভাৰ শেষত সভাত তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত কয় - কালি আমাৰ তনজিম মাদাৰিছে ক্বৌমিয়াৰ কাৰ্যকৰী সভা আছিল ৷ কিছুদিন পূৰ্বে আমাৰ তনজিমৰ বিষয়ববীয়াৰ লগতে নদুৱা , জমিয়ত আদি বিভিন্ন সংগঠনে অসমৰ ডিজিপিৰ লগ ধৰি বিভিন্ন দিশত আলোচনা কৰিছিল ৷ আজমলে লগতে কয় - অসমত বৰ্তমান প্ৰায় এক হাজাৰ মাদ্ৰাছা আছে , যিসমূহ মাদ্ৰাছা দেওবন্দৰ আৰ্হিত চলি আহিছিল , সেই সমূহ মাদ্ৰাছা তনজিমৰ অধিনত আহিব আৰু মাদ্ৰাছাবোৰত চৰকাৰৰ নীতি - নিয়মৰ মাজৰে পাঠদান দিয়া হয় ৷ লগতে মৌলানা আব্দুল কাদিৰ কাছিমীয়ে কয় - আমাৰ বৰ্ডৰ বাহিৰত যিবোৰ মাদ্ৰাছা আছে, সেই মাদ্ৰাছা সমূহ সমূহৰ তথ্যও আৰক্ষী সঞ্চালক প্ৰধান লগ ধৰি অৱগত কৰিছো ৷ লাহে লাহে সকলো মাদ্ৰাছা তনজিম মাদাৰিছে ক্বৌমিয়াৰ অধীনত আহি আছে ৷ অসমৰ সকলো মাদ্ৰাছাৰ সৈতে আলোচনা চলি আছে ৷ কিছু মাদ্ৰাছা সৰু সৰু ছাত্ৰৰে পাঁচ বছৰীয়া পাঠ্যক্ৰমেৰে চলিব , সেই ছাত্ৰসকলক সম্পূৰ্ণ স্কুলীয়া শিক্ষাও দিয়া হব বুলি মৌলানা আব্দুল কাদিৰ কাছিমীয়ে জনায় ৷ শেষত জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে কয়- মাদ্ৰাছা সমূহক লৈ তনজিমে মাজে সময়ে মিটিং কৰি থাকে যে কিদৰে মাদ্ৰাছা ছাত্ৰবোৰক ভাল শিক্ষা দি উপযুক্ত মানুহ হিচাপে গঢ় দিব পাৰি তাৰ উপৰত লক্ষ্য ৰাখি সভা পতা হয় ৷ মাদ্ৰাছা সমূহত প্ৰকৃত মানুহ কিদৰে গঢ়ি তুলিব পৰা যায় , তাৰ উপৰতো আলোচনা কৰা হয় ৷ আজিৰ সভাত শিক্ষাৰ মানদণ্ডৰ উপৰতো আলোচনা কৰি বিভিন্নজনে মতামত আগবঢ়ায় ৷ লগতে বিধায়ক ৰফিকুল ইছলামে কয়- মাদ্ৰাছাৰ দোৱাৰ ২৪ ঘন্টা খুলা থাকে , মাদ্ৰাছাত ভাল মানুহ হবলৈ নীতি শিক্ষা দিয়া হয় , যিকোনো সময়ত যিকোনে মানুহে আহি চাই যাব পাৰিব আমাৰ আপত্তি নাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अवैध मादक पदार्थ स्मैक, डोडा चूरा, चरस व गांजा को पुलिस ने किया नष्ट
अवैध मादक पदार्थ स्मैक, डोडा चूरा, चरस व गांजा को पुलिस ने किया नष्ट09 पुलिस थानों के 48 प्रकरणों...
HCG Cancer Centre, Bengaluru, Performs Life-Saving Surgery on 28-Day-Old Infant
HCG Cancer Centre, Bengaluru, Performs Life-Saving Surgery on 28-Day-Old Infant
ಮಾವು-ಹಲಸು ಮಾರಾಟ ಮೇಳ'ಕ್ಕೆ ಸಚಿವರಾದ ರಾಮಲಿಂಗಾರೆಡ್ಡಿ ಅವರು ಚಾಲನೆ ನೀಡಿದರು.
ತೋಟದ ಬೆಳೆಗಾರರ ಸಹಕಾರಿ ಮಾರಾಟ ಮತ್ತು ಸಂಸ್ಕರಣ ಸಂಘದ (ಹಾಪ್ಕಾಪ್ಸ್) ವತಿಯಿಂದ 'ಮಾವು, ಹಲಸು, ಹುಣಸೆ ಹಣ್ಣು...
शेक फाउंडेशन परभणी यांच्या वतीने निराधारणा शैक्षणिक साहित्य वाटप.
शेक हँड फाऊंडेशन परभणी यांच्या वतीने आधार निराधारांना शैक्षणिक साहित्य वाटप*
परतूर...