প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভিলাষী আঁচনি "মিছন অমৃত সৰোবৰ"ৰ কাম যোৱা ১৭ছেপ্টেম্বৰ তাৰিখে বঙাইগাঁও জিলাত আৰম্ভ কৰা হয়।

জিলাখনৰ তিনিওটা বিধানসভা সমষ্টি ক্ৰমে ৩২নং বঙাইগাঁও বিধানসভা সমষ্টি, ৩৪নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি আৰু ৩৫নং অভয়াপুৰী দক্ষিণ(অনু: জা:) বিধানসভা সমষ্টিৰ বিধায়ক ক্ৰমে ফণীভূষণ চৌধুৰী, আব্দুল বাতেন খণ্ডকাৰ আৰু প্ৰদীপ সৰকাৰে নিজৰ নিজৰ সমষ্টিত এই অমৃত সৰোবৰৰ কামৰ শুভাৰম্ভণি কৰে।এই শুভাৰম্ভণি অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত নবদ্বীপ পাঠকৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদীৰা জেচমিন,সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়া আৰু গাঁও-পঞ্চায়তৰ বিষয়ববীয়াসকল উপস্থিত থাকে। 

 "মিছন অমৃত সৰোবৰ"ৰ অধীনত প্ৰতিখন জিলাতে ৭৫টাকৈ পুখুৰী খন্দা হ'ব।ইয়াৰ উদ্দেশ্য হৈছে ভাৰতবৰ্ষক পানীৰ নাটনিৰ পৰা মুক্ত কৰি ৰখা।আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে উদযাপিত অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিখন জিলাতে ৭৫টাকৈ অমৃত সৰোবৰ নিৰ্মাণ কৰা হ'ব।

অসমত ২৮ এপ্ৰিল,২০২২ তাৰিখে প্ৰধানমন্ত্ৰীগৰাকীয়ে অমৃত সৰোবৰৰ আধাৰশিলা স্থাপন কৰিছিল যদিও বাৰিষাৰ বাবে এই কাম জিলাখনত আৰম্ভ কৰা হোৱা নাছিল।

১৭ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি অমৃত সৰোবৰৰ কাম আৰম্ভ কৰা হয়।অসমত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,মীন উন্নয়ন বিভাগ তথা মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত সন্মিলিতভাৱে অমৃত সৰোবৰৰ কাম সম্পূৰ্ণ কৰিবলৈ আৰ্হি প্ৰস্তুত কৰা হৈছে।

বঙাইগাঁৱত ১৭ছেপ্টেম্বৰ তাৰিখে ৫টা উন্নয়ন খণ্ড ক্ৰমে ডাংতল, মাণিকপুৰ, সৃজনগ্ৰাম, টাপাট্টাৰী আৰু বইটামাৰী উন্নয়ন খণ্ডত মুঠ ৩৫টা অমৃত সৰোবৰৰ কাম আৰম্ভ কৰা হয়।