SLUGNAME: FOOD POISONING
মেৰাপানীত বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে একেটা পৰিয়ালৰ চাৰিজনকৈ লোক। মেৰাপানীৰ দীনেশপুৰ গাঁৱৰ এটা পৰিয়ালে পুৱাৰ আহাৰত জংঘলৰ পৰা বিচাৰি আনি কাঠফুলা ৰান্ধি খাইছিল। কিন্তু খাদ্য গ্ৰহণৰ কিছুসময়ৰ পাছতে বিষক্ৰীয়া হৈ অসুস্থ হৈ পৰে পৰিয়ালটোৰ চাৰিজনকৈ লোক। বমি,শৌচ আৰু প্ৰচণ্ড মুৰৰ বিষত ভোগা লোক সকলক ততাতৈয়াকৈ মেৰাপানী সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে প্ৰতিবেশীসকলে। কিন্তু চাৰিওগৰাকী লোকৰ স্বাস্থ্যৰ সামান্যও উন্নতি নোহোৱাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এটি চাৰি বছৰীয়া শিশুৰ সৈতে বিষক্ৰীয়াত আক্ৰান্ত সকল ক্ৰমে বিনতি দৈমাৰী(৫৫), মনীতা দৈমাৰী(৩০) আৰু দীপা দৈমাৰী(২০) ।
 
  
  
   
  
  