ৰাজ্যিক কৃতী শিক্ষক বঁটাপ্ৰাপক ৰিছু ইংতিক সম্বৰ্ধনা

বিহালী 19 ছেপ্টেম্বৰ : অসম চৰকাৰৰ শিক্ষা বিভাগৰ সৌজন্যত যোৱা ৫ ছেপ্তেম্বৰত ৬১ সংখ্যক শিক্ষক দিৱসত প্ৰাথমিক বিদ্যালয় শাখাৰ "ৰাজ্যিক কৃতী শিক্ষক" বঁটাৰে সন্মানীত হৈ সমগ্ৰ বিশ্বনাথ জিলালৈ সুনাম কঢ়িয়াই অনা হাতীমৰা পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰিছু ইংতিক আজি চেৰেলীয়া লক্ষীমন দ'ৱান প্ৰাঙ্গণত দ'ৱান পৰিচালনা সমিতি, দ'ৱান মহিলা সমিতি আৰু দ'ৱান যুৱ সমিতিয়ে একোখন কৈ কাৰ্বি প'হ' আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । দ'ৱান পৰিচালনা সমিতিৰ সম্পাদক ৰবিন হাঞ্চেয়ে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে সভাপতি ধনীৰাম তিমুঙে । উক্ত সম্বৰ্ধনা সভাত লক্ষীমন সংঘ কেন্দ্ৰীয় মহিলা সমিতিৰ সহ-সম্পাদিকা মনিকা তিমুংপী, কেথম দ'ৱান লংৰি মহিলা সমিতিৰ সম্পাদিকা কাৱে হাঞ্চেপী, শিক্ষয়িত্ৰী সূচেনা বেপী, যোগেন ইংতি, ৰামিন তিমুং, দিপচেন ইংতি আদিয়ে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় ।