ভাৰতৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্ম দিন পালন বিশ্বনাথত।

হাতত ঝাডুলৈ হাবি-জংঘল পৰিষ্কাৰ কৰিলে বিজেপি কৰ্মীয়ে ।

বিশ্বনাথ চাৰিআলি 19 ছেপ্টেম্বৰ :

ৰাজ্য আন আন ঠাই লগতে দেওবাৰে বিশ্বনাথৰ বিহালী সমষ্টি বিজেপি কৰ্মী সকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্ম দিনৰ লগত সংগতি ৰাখি সেৱা পষেকৰ কাৰ্যসূচী পালন কৰে বিহালী সমষ্টি লগতে বিশ্বনাথ সমষ্টিত।

সেৱা পষেক কাৰ্যসূচী উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

বিহালী সমষ্টিৰ বিজেপি কৰ্মী সকলে সমষ্টিটোৰ বিভিন্ন গাঁও পঞ্চায়ত আৰু ৰাজহুৱা স্থানত হাতে হাতে ঝড়ু, দা লৈ চাফাই অভিযানত নামি পৰে ।

 ইফালে এই চাফাই অভিযানত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সম্পাদক অসীম কুমাৰ দাসকে ধৰি জিলাখনৰ বিজেপি কৰ্মী সকলে হাতত দা, ঝডু লৈ হাবি জংঘল চাফা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্ম দিন উদযাপন কৰে।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্ম দিনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা অৰ্থনৈতিক কোষৰ আহ্বায়ক বৰষা ৰাণী বৰা নেতৃত্বত বালিপুখুৰী মজলীয়া বিদ্যালয় সমীপত চাফাই অভিযান কৰে বিজেপি কৰ্মী সলকে । ইফালে বিহালী সমষ্টিৰ বাঘমৰা আৰু বিহালী মণ্ডলৰ অন্তৰ্গত বিজেপিৰ কাৰ্মী সকলে স্বচ্ছ অভিযানৰ জৰিয়তে বহু ৰাজহুৱা স্থান পৰিস্কাৰ কৰি তোলা হয়