দেশজুৰি চলি থকা আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি অসম চৰকাৰৰ জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী অশোক সিংহলে শোণিতপুৰ জিলাৰ মাজৰৌমাৰীৰ শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ পৰিচালনা সমিতি, অমিয়পুৰৰ পাঁচনৈ ভুতপাৰা ৰাজহুৱা পুখুৰী, ফুলগুৰীৰ জ্ঞানজ্যোতি উন্নয়ন সমিতি আৰু ৰঙাপাৰা মহাবিদ্যালয়ত অমৃত সৰোবৰ আঁচনিৰ নিৰ্মাণ কাৰ্য্যৰ শুভ-উদ্ধোধন কৰে । আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিন উপলক্ষে আয়োজন কৰা কাৰ্যসূচীত ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, জিলা উপায়ু্ক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰৱী শইকীয়া আৰু জিলা পৰিষদৰ আন বিষয়ববীয়াৰ লগতে আঞ্চলিক তথা গাঁও পঞ্চায়তৰ প্রতিনিধিসকল উপস্থিত থাকে ৷

উল্লেখ্য যে, যোৱা ২৮ এপ্ৰিল, ২০২২ ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ জলাশয়সমূহ সংৰক্ষণৰ অৰ্থে এই অভিলাসী আচঁনিখন উদ্বোধন কৰিছিল ৷ আজিৰ দিনটোত শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত মুঠ ৭৬ টা অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ কৰা হয় । 

 আজি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে বাটমাৰী আৰু দোলাবাৰীত দুটা অমৃত সৰোবৰৰ নিৰ্মাণৰ কাম আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ৷ আনহাতে, তেজপুৰৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰতো আজি জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভাই আন এক অমৃত সৰোবৰ আচঁনিৰ শুভাৰম্ভ কৰে ৷ একেদৰে, জিলাখনৰ বিধায়কসকল, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া তথা জিলা / আঞ্চলিক তথা গাঁও পঞ্চায়ত প্ৰতিনিধি আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াবৰ্গৰ দ্বাৰা জিলাখনৰ বিভিন্ন অঞ্চলত এই আচঁনি আৰম্ভ কৰা হয় ।

ইয়াৰোপৰি সমগ্ৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ১ লাখ নতুনকৈ গৃহ নিৰ্মাণ কৰিবলৈ স্থিৰ কৰা লক্ষ্যৰ ভিতৰত শোণিতপুৰ জিলাৰ বিভিন্ন গাওঁ পঞ্চায়ত এলেকাত একেলগে ১৬০৪ টা আৱাস গৃহ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় ৷ আজি অসম চৰকাৰৰ জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী অশোক সিংহলৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, জিলা তথা আঞ্চলিক তথা গাঁও পঞ্চায়তৰ প্রতিনিধি, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াবৰ্গ তথা জিলাখনৰ বিশিষ্ট সমাজকর্মী, বিভিন্ন শিক্ষনুষ্ঠানৰ লগত জড়িত শিক্ষকসকলৰ দ্বাৰা এই আৱাসগৃহৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় ।