হাবিবৰঙাবাৰীত আনন্দ-উল্লাস । অসম আৰক্ষীৰ নিযুক্তিত ৮ গৰাকীৰ সফলতা । মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীৰ ৮ যুবক আৰক্ষীত নিযুুক্তিয়ে অঞ্চলটোত আনন্দ উল্লাসৰ জোৱাৰ তুলিছে।কোনোজন যদি খাতি খোৱা কৃষকৰ সন্তান কোনো জন অৱসৰ প্ৰাপ্ত সামৰিক বাহিনীৰ জোৱানৰ পুত্ৰ, কোনো জন আকৌ প্ৰতিদিনে কষ্টোপাৰ্জিত ধনেৰে ঘৰখন চলোৱা, পিতৃ-মাতৃক পোষণৰ দায়িত্ব পালন কৰা দায়িত্বশীল যুবক। বিদ্যালয়, মহাবিদ্যালয়ৰ দেওনা অতিক্ৰম কৰা আৰু মহাবিদ্যালয়ত অধ্যয়নৰত হৈও নিজৰ জীৱন জীৱিকাৰ সন্ধান কৰি পুৱা, আবেলি কেতিয়াবা ভৰ দুপৰীয়া ওচৰৰ খেলপথাৰত দৌৰা,জপিওৱা, শাৰীৰিক ব্যায়ামত নিয়োজিত যুৱ প্ৰতিভা ।এই সকলৰ ভিতৰত কামাণ্ডো বাহিনীৰ বাচনিত কৃতকাৰ্যতা লাভ কৰে ক্ৰমে- হাবিবৰঙাবাৰী গাঁৱৰ বিতু বৰুৱা,পুলিন নাথ,দ্বীপজ্যোতি নাথ,কমল পাতৰ,পৰশমনি বৰদলৈ বৰিগাঁৱৰ অংকুৰ জ্যোতি নাথ। লগতে দুগৰাকীয়ে অসম আৰক্ষীৰ কণিষ্টবলৰ নিযুক্তিৰ বাচনি পৰীক্ষাত সফলতা লাভ কৰিছে মুকুল বৰুৱা আৰু শংকৰ জ্যোতি নাথে। উল্লেখ্য যে ২০১১ চনৰ পৰাএকেৰাহে হাবিবৰঙাবাৰী স্কুল খেল পথাৰত অতি প্ৰযত্নেৰে শাৰীৰিক চৰ্চা,কথোৰ অনুশীলন কৰি প্ৰতিবছৰে অসম আৰক্ষী,সামৰিক বাহিনী, অৰ্ধ সামৰিক বাহিনী,বায়ুসেনা,নৌসেনা বাহিনীত প্ৰায় সত্তৰ গৰাকীয়ে নিযুক্তি লাভ কৰি নিজৰ জীৱন জীৱিকাৰ পথ উলিওৱাৰ উপৰি একোটা পৰিয়াললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જીવ સેવા ચેરીટેબલ ટ્રસ્ટની પાલનપુર તાલુકા ટિમ દ્વારા જરૂરિયાત મંદ લોકો ને ફૂટ પેકેટ નું વિતરણ
જીવ સેવા ચેરીટેબલ ટ્રસ્ટની પાલનપુર તાલુકા ટિમ દ્વારા જરૂરિયાત મંદ લોકો ને ફૂટ પેકેટ નું વિતરણ
Adani Group Stocks Update: अडानी ग्रुप के Adani Enterprises, Adani Power और Adani Wilmar के शेयर पर है फोकस, तो जानें कैसा रहेगा परफॉर्मेंस
नई दिल्ली। गुरुवार के कारोबारी सत्र में शेयर बाजार भारी गिरावट के साथ बंद हुआ था। इस गिरावट...
দিখাৰী জিলা পৰিষদ সদস্য শিখা মনি তামুলীয়ে অগ্নিবীৰৰ প্ৰশিক্ষণত কি ক'লে?
কেন্দ্ৰীয় চৰকাৰৰ আঁচনি অগ্নিপথেদি আগবাঢ়ি অগ্নিবীৰ হিচাপে স্বীকৃতি লাভ কৰিব পাৰিবলৈ তিলৈ উচ্চতৰ...
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে উদয় উমেশ ললিতৰ শপতগ্ৰহণ
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে উদয় উমেশ ললিতৰ শপতগ্ৰহণ