মাজুলীত আজি পৰ্যন্ত মাৰ যোৱা নাই সোপা ধৰাৰ আতংক : আজি বিয়লিৰ ভাগত ৰতনপুৰত মাজুলীৰ বাহিৰৰ তিনিজন ব্যৱসায়ী সোপাধৰা বুলি লটিঘটিৰ সন্মুখিন হয় ৷

ঘটনা অনুসৰি AS 07 D 0724 নম্বৰৰ ' চুইফট ডিজায়াৰ' গাঢ়ি খনত লক্ষিমপুৰৰ তিনিজন ব্যৱসায়ীয়ে কাপোৰ বিক্ৰী কৰিবলৈ আহি ৰতনপুৰ গাঁৱত উপস্থিত হয় ৷

ৰতনপুৰৰ এটা পৰিয়ালত কাপোৰ বিক্ৰী কৰিবলৈ শুমাওতেই এটি কনমানিক কথা সোধাপুছা কৰি থাকোতেই লোক কেইজনৰ ওপৰত সন্দেহ হৈ গাঁৱৰ মানুহে আটক কৰি আৰক্ষীক গটাই দিয়ে ৷

আৰক্ষীয়ে লোক কেইজনক  জনসাধাৰণৰ উগ্ৰ পৰিৱেষৰ মতজৰ পৰা জেংৰাইমুখ থানালৈ লৈ যায় ৷ 

আৰক্ষীৰ প্ৰকৃত তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ আছল ৰহস্য ৷