SLUGNAME: PATIENT DEAD DUE TO WRONG TREATMENT

মেৰাপানীত স্বয়ম্ভূ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই অকালতে প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। মেৰাপানীৰ পদ্মপুৰ গণকপুখুৰি গাঁৱৰ কান্দুৰী দাস নামৰ মহিলাগৰাকীয়ে দেওবাৰে পুৱাই কৰুণভাৱে মৃত্যুক আকোৱালিব লগাত পৰে। ৰক্তচাপজনিত ৰোগত ভোগি থকা মহিলাগৰাকীয়ে মেৰাপানী গ্ৰাম্য চিকিৎসালয়ত চিকিৎসক পৰামৰ্শ লৈছিল যদিও মুন্নাভাইৰূপী চিকিৎসক দীপক চুতীয়াই নিজাববীয়াকৈ চিকিৎসা আৰম্ভ কৰে দেওবাৰে পুৱা। ৫০০ টকাৰ বিনিময়ত ঘৰতে চিকিৎসা আৰম্ভ কৰি কান্দুৰী দাসৰ দেহত জধেমধে ঔষধ প্ৰয়োগ কৰে মুন্নাভাইৰূপী দীপকে। ঘৰৰ মজিয়াত শুৱাই চয়টা ইনজেকশ্বনৰ সৈতে এটা চেলাইন প্ৰয়োগ কৰাৰ ফলতে ৰোগী কান্দুৰী দাস ক্ৰমাৎ সংজ্ঞাহীন হৈ পৰাত নিজৰ সা-সৰঞ্জাম আৰু চাইকেল এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে মুন্নাভাই চিকিৎসক দীপক চুতীয়া। পৰিয়ালৰ লোকে ততাতৈয়াকৈ কান্দুৰী দাসক মেৰাপানী গ্ৰাম্য চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে ঘটনাটোক কেন্দ্ৰ কৰি মৃতকৰ পৰিয়ালবৰ্গ ক্ষোভিত হৈ পৰাৰ লগতে মুন্নাভাইৰূপী চিকিৎসক দীপক চুতীয়াৰ যথোচিত শাস্তিৰ দাবী কৰিছে অঞ্চলবাসীয়ে।

BITE-1+2+3: