তামিলনাডুৰ চেলেম জিলাত ৰৈ থকা এখন ট্ৰেভেলাৰ বাছত খুন্দা মাৰে বালি কঢ়িয়াই নিয়া এখন তীব্ৰবেগী ট্ৰাকে। এই বেদনাদায়ক দুৰ্ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱাই।
আনহাতে এই দুৰ্ঘটনাত একে সংখ্যক লোক আহত হোৱা বুলি কোৱা হৈছে।
জানিব পৰা মতে, এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বেথানায়কনপালায়মবাসী ৰাইজে এখন ট্ৰেভেলাৰ বাছত উঠি ৰাজ্যৰ ৰাজধানী চেন্নাইলৈ গৈ আছিল।
ইঠাপুৰ অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। বাছখন ৰখাই যাত্ৰীসকলে কিবা কাম কৰি থাকোতে পিছফালৰ পৰা আহি এখন তীব্ৰবেগী ট্ৰাকে বাছখনত খুন্দা মাৰে।
এই বেদনাদায়ক দুৰ্ঘটনাত ৫ জন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে চেলেম হাস্পতালত চিকিৎসাধীন অৱস্থাত এগৰাকী মহিলাৰ মৃত্যু হয়।
দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। নিহত পাঁচজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাত আহত ৭ জন লোকক ততাতৈয়াকৈ চেলেমৰ চিকিৎসালয়লৈ লৈ যায়, য’ত চিকিৎসাৰ সময়ত এগৰাকী মহিলাৰ মৃত্যু হয়।
এই দুৰ্ঘটনাত মুঠ ৬ জন লোকৰ মৃত্যু হয়। বাকী আহতসকলৰ চিকিৎসা চলি আছে।