আজি ইং ৩১ জুলাই ২০২২ তাৰিখে সন্ধিয়া প্ৰায় ৬.৪০ বজাত ধেমাজি জিলাৰ জীয়াধল নদীৰ বাঢ়নী পানীয়ে জীয়াধল-কুমতীয়া মথাউৰিৰ সোঁপাৰৰ সাপেখাটি অংশত প্ৰায় ৮০ মিটাৰ মথাউৰি উটোৱাই নি চিগি পেলায় ৷ ইতিমধ্যে মথাউৰি ছিগা অংশই দি সোমাই অহা বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলাইছে বহু এলেকা ৷ বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে স্হানীয় জনসাধাৰণৰ ৷ ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, চিইঅ’, বিজেপিৰ কাৰ্যকতাৰ সহযোগত প্ৰশাসনে বৰদলনি বালিগাওঁ প্ৰাথমিক বিদ্যালয়ত শিবিৰ স্হাপন কৰি দুৰ্গত ৰাইজক উদ্ধাৰ অভিযানত নামা পৰিছে ৷ মথাউৰি চিগাৰ ফলত গোগামুখ ৰাজহ চক্ৰৰ প্ৰায় ১৫ খনৰো অধিক গাওঁ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে ৷
ধেমাজি জীয়াধল মথাউৰি চিগা ফলত বানাক্ৰান্ত ৰাইজক উদ্ধাৰ অভিযান অব্যাহত ৷ বৰদলনি বালিগাওঁ প্ৰাথমিক বিদ্যালয়ত অস্হায়ী শিবিৰ স্হাপন ৷
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/07/nerity_7d3a5184ce1f7a3d56b3addb6c35a693.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)