অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলে হাঁহি বিৰিঙালে বহু পৰিয়ালক। আৰক্ষী নিযুক্তিৰ ফলাফলত সফলতা লাভ কৰিলে সোণাৰিৰ এটি দৰিদ্ৰ পৰিয়ালৰ যুৱকে। সোণাৰিৰ ভজো-চাংমাই গাওঁৰ বিতুল চাংমাই আৰু ৰুলী চাংমাইৰ পুত্ৰ অভিনৱ চাংমাই উত্তীৰ্ণ হ'ল অসম আৰক্ষীৰ পৰীক্ষাত। পঢ়াৰ লগতে ৰাজমিস্ত্ৰীৰ যোগালী হিচাপেও কাম-কাজ কৰিছিল অভিনৱে। তাৰ মাজতে অশেষ কষ্টৰ বিনিময়ত সফলতা লাভ কৰিবলৈ সক্ষম হয়। আনহাতে আৰক্ষীৰ এই নিযুক্তি পক্ৰিয়া স্বচ্ছ আৰু নিকা হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছে অভিনৱ চাংমাইৰ লগতে পিতৃ-মাতৃয়ে।
ৰাজমিস্ত্ৰীৰ যোগালি হৈও আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ সোণাৰিৰ ভজো চাংমাই গাঁৱৰ অভিনৱ চাংমাই

