চিৰাং জিলা ক্ৰিকেট সন্থাৰ সাধাৰণ সভা এখন আজি কাজলগাঁৱত অনুষ্ঠিত হয়।ইউ এন ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰণৱ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম ফুটবল সন্থাৰ কাৰ্যনিবাহক সদস্য মনোলাল বসুমতাৰী আৰু ক্ৰীড়া সংগঠক দুৰ্লভ তালুকদাৰে সাম্প্ৰতিক সময়ৰ অতি জনপ্ৰিয় ক্ৰিকেট খেলক জিলাখনত জনপ্ৰিয়কৰণৰ বাবে জিলা ক্ৰিকেট সন্থাই লোৱা পদক্ষেপক প্ৰশংসা কৰে।
সাধাৰণ সম্পাদক দিপাংকৰ সৰকাৰে বিগত বৰ্ষৰ কাৰ্যাৱলীৰ খতিয়ান দাঙি ধৰাৰ পিছত পুৰণি সমিতিখন ভংগ কৰি চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীক সভাপতি হিচাপে লৈ আগন্তুক কাৰ্যকালৰ বাবে নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। নতুন কাৰ্যনিৰ্বাহক সমিতিখনত প্ৰণৱ বসুমতাৰীক কাৰ্যকৰী সভাপতি, দিপাংকৰ সৰকাৰক সাধাৰণ সম্পাদক, কৃষ্ণানন্দ ব্ৰহ্মক যুটীয়া সম্পাদক, বিশ্বদীপ চক্ৰৱৰ্তী আৰু জেহিনুৰ ৰহমানক সহকাৰী সম্পাদক, সুশাংক মুছাহাৰীক ধনভৰালী, দুৰ্লভ তালুকদাৰ, সুজিৎ ঘোষ, ৰুদ্ৰ দেৱ ৰয়ক উপ-সভাপতি, চন্দন ব্ৰহ্ম, অনুপম সৰকাৰ, বিনোদ ৰয় গুণশংকৰ ৱাৰী, মনোলাল বসুমতাৰী, চিন্তু চাকলাদাৰক উপদেষ্টা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।নৱ মনোনীত সভাপতি জয়ন্ত বসুমতাৰীয়ে চিৰাং জিলাত এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ বাবে অসম ক্ৰিকেট সন্থাৰ লগত আলোচনা চলাই থকা বুলি অৱগত কৰে।