নেচনেল ইনভেষ্টিগেশ্যন এজেন্সী (এন আই এ)য়ে দেওবাৰে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ কেইবাটাও স্থানত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ সৈতে জড়িত থকা লোকৰ বিৰুদ্ধে অভিযান চলায়।
এন আই এৰ দলে অন্ধ্ৰপ্ৰদেশৰ কুৰনুল, নেল্লোৰ, কড়পা, গুণ্টুৰ আৰু তেলেংগানাৰ নিজামাবাদত সন্দেহজনক লোকৰ ঘৰ আৰু ব্যৱসায়িক চৌহদত তালাচী চলায়।
প্ৰতিবেদন অনুসৰি, সংস্থাটোৱে কেইবাজনো পিএফআই নেতাৰ ২ ডজনতকৈ অধিক স্থানত অভিযান চলায়।
বিশেষ দলে নিজামাবাদৰ এ পি এইচ বি কলনী অঞ্চলত উপস্থিত হৈ শ্বহীদ চৌশ ওৰফে শ্বাহিদৰ ঘৰত অভিযান চলায়। তেওঁক ৪১ (ক) ফৌজদাৰী বিধি (CrPc)ৰ অধীনত জাননী জাৰি কৰা হৈছিল।
এন আই এৰ হায়দৰাবাদ শাখাই ২৬ আগষ্টত পি এফ আইৰ সৈতে জড়িত গোচৰ ৰুজু কৰিছিল। নিজামাবাদৰ অটোনগৰৰ বাসিন্দা ৫২ বছৰীয়া আব্দুল খাদৰসহ ২৬ জন লোকক এন আই এৰ এফ আই আৰত অভিযুক্ত কৰা হৈছে।