ছিপাঝাৰৰ নামখলাত বাইকৰ মুখামুখি সংঘৰ্ষ।

গুৰুতৰভাৱে আহত দুজন।

আহত লোক দুজন হ'ল অৱসৰী শিক্ষক মহেশ ডেকা আৰু বাহমল্লাৰ যুৱক আছাদুল্লা।

দুয়োগৰাকী আহত লোকক প্ৰথমে পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।