চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ নৰম স্থিতিয়ে বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বেদখলকাৰী, ভুমাফিয়াৰ বিৰুদ্ধে জাননী জাৰী কৰিও উচ্ছেদৰ সদিচ্ছা নহল উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ। উত্তৰ গুৱাহাটী উত্তৰ ফুলুং আৰু দক্ষিণ লেঙাৰ দুহেজাৰৰো অধিক বিঘা চৰকাৰী ভূমি বেদখলৰ বিৰুদ্ধে আজিৰ পৰা কেইদিনমান পূৰ্বে হঠাৎ সাৰ পাইছিল ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। এক জাননীৰ জৰিয়তে ১৫ ছেপ্তেম্বৰৰ সময় সীমা বান্ধি বেদখলকাৰীক সকিয়নি দিছিল আঁতৰি যাবলৈ। ১৫ ছেপ্তম্বৰৰ পিছত আঁতৰি নগলে উচ্ছেদৰ কথা আছিল প্ৰশাসনৰ। প্ৰশাসনৰ জাননী পোৱাৰ পিছত দুই একৰ বাহিৰে কেৰেপেই নকৰিলে চৰকাৰী জাননী। যাৰ বাবে ক্ষোভিত হৈ পৰিছে লেঙা আৰু পাশ্ববৰ্তী অঞ্চলৰ কৃষক তথা সৰ্ব সাধাৰণ ৰাইজ। সন্দেহযুক্তলোকৰ আগ্ৰাসনত শংকিত এতিয়া উত্তৰ গুৱাহাটীৰ থলুৱা কৃষক। নতুন নতুন ভূমি এলেকা দখলৰ লগতে থলুৱা কৃষকৰ পশুধন কাঢ়ি নিয়ে সন্দেহযুক্ত লোকে। অঞ্চলটিত চুৰি ডকাইটিৰ ঘটনা সংঘটিত হোৱাৰ অন্তৰালত এই সন্দেহযুক্ত লোক জড়িত থকা সন্দেহ একাংশ ৰাইজৰ। তাৰ পিছতো থলুৱাৰ সুৰক্ষাৰ পৰিবৰ্তে প্ৰব্ৰজনকাৰী সন্দেহযুক্ত লোকৰ প্ৰতিহে দৰদ কামৰূপ জিলা প্ৰশাসনৰ। যাৰবাবে প্ৰশাসনৰ ভূমিকাক সমালোচনা কৰি ভুমাফিয়া তথা ভূমি দাললৰ পৰা কৃষি ভূমি উচ্ছেদ কৰি থলুৱাক প্ৰদানৰ দাবী কৰিছে সচেতন ৰাইজে। ৰাজ্যৰ অন্য প্ৰান্তত চৰকাৰী বেদখল উচ্ছেদ কৰিবৰ বাবে তৎপৰ থকা চৰকাৰখনে কি কাৰণত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ক্ষেত্ৰ জালুকবাৰী সমষ্টিৰ চৰকাৰী বেদখল ভূমি উচ্ছেদ কৰিবলৈ অপাৰগ তাক লৈ নানা প্ৰশ্নৰ অৱতাৰণা হৈছে সচেতন মহলত। উত্তৰ গুৱাহাটীৰ বেদখল উচ্ছেদত হেমাহিৰ আঁৰত দিছপুৰীয়া অংক থকাৰ সন্দেহ প্ৰকাশ হৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজত। কিয়নো, উত্তৰ গুৱাহাটীৰ চৰকাৰী ভূমি উচ্ছেদৰ নামত বাৰে বাৰে পিছ হুহুকে প্ৰশাসনে। কেতিয়াবা দুই এক লোকৰ খেতিৰ জেউৰা ভাঙিয়ে দায় সাৰি আহিছিল উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে। এনেদৰে কামৰূপ প্ৰশাসনে নিজৰ খোপাধিলা স্থিৰেৰে কাৰ্য সম্পাদন কৰি অহাৰ বাবে চিন্তিত হৈ পৰিছে সচেতন মহল। ইয়াৰ উপৰিও দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা তথা জাতি মাটি ভেটি ৰক্ষাৰ শপত লোৱা মুখ্য মন্ত্ৰীয়েও গৃহ সমষ্টিৰ বেদখল উচ্ছেদ কৰি কথা ৰাখিব পাৰিবনে তাকে লৈ সচেতন মহলত নানা প্ৰশ্নৰ অৱতাৰণা হৈছে। এতিয়া জালুকবাৰীক নিজৰ ঘৰ বুলি পৰিচয় দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰৰ বেদখল উচ্ছেদ কৰিবলৈ আগবাঢ়ি আহিব নে নিজৰ কথা তথা জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হৈ পৰিব সেয়া সময়তহে হব লক্ষণীয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশ্বনাথত অৰুণোদয় মাহ-২০২২ উপলক্ষে চুপাৰভাইজাৰ, ভেৰিফিকেচন টীমক জিলা প্ৰশাসনৰ প্ৰশিক্ষণ
অৰুণোদয় মাহ - ২০২২' উদযাপন উপলক্ষে অৰুণোদয় 'চুপাৰভাইজাৰ' আৰু 'ভেৰিফিকেচন টীম'ৰ এক প্ৰশিক্ষণ...
#shorts अजित पवार आणि सुप्रिया सुळेंचं रक्षाबंधन! #AjitPawar #SupriyaSule #RakshaBandhan #NCP
#shorts अजित पवार आणि सुप्रिया सुळेंचं रक्षाबंधन! #AjitPawar #SupriyaSule #RakshaBandhan #NCP
कपिल सरोवर में युवक-युवती का शव मिलने से फैली सनसनी
कपिल सरोवर में युवक-युवती का शव मिलने से फैली सनसनी
बीकानेर(सुरेश जैन)...
Taarak Mehta.. के असित मोदी व सोहेल रमानी के खिलाफ मोनिका भदोरिया ने लगाया 'कुत्ते के जैसा ट्रीट करने' का आरोप
Taarak Mehta ka Ooltah Chashmah News: तारक मेहता का उल्टा चश्मा में बावरी की भूमिका निभाने...
મહુવા મા ધનતેરશ ને લઇ ને સોના- ચાંદી ની વ્યાપક ખરીદી
મહુવા મા ધનતેરશ ને લઇ ને સોના- ચાંદી ની વ્યાપક ખરીદી
આજરોજ ધનતેરશ ને લઇ ને કોઇપણ...