বিহাৰত চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি থকা যুৱক-যুৱতীসকলৰ বাবে এক সুখবৰ। বিহাৰ চৰকাৰে শীঘ্ৰেই ৬০ হাজাৰ পদত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ওলাইছে।

ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী তেজশ্বী যাদৱে শীঘ্ৰেই স্বাস্থ্য বিভাগত ৬০ হাজাৰ পদত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে।

শুকুৰবাৰে ভোজপুৰৰ কইলৱাৰত মানসিক চিকিৎসালয় উদ্বোধন কৰাৰ সময়ত তেজস্বী যাদৱে নিযুক্তিসমূহৰ সৈতে জড়িত তথ্য প্ৰদান কৰিছে।

তেজস্বী যাদৱে কয় যে ৬০ হাজাৰ পদ পূৰণৰ কচৰৎ ক্ষিপ্ৰ কৰা হৈছে। স্বাস্থ্য সম্পৰ্কীয় সুবিধাসমূহ উন্নত কৰাৰ দিশত ৰাজ্য চৰকাৰে অহৰহ কাম কৰি আছে। সকলো চিকিৎসালয়তে বিচনাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি চিকিৎসক আৰু ঔষধলৈকে ব্যৱস্থা উন্নত কৰা হৈছে।

এই সময়ত তেজস্বী যাদৱে নিয়মানুৱৰ্তিতা নমনা চিকিৎসক সকলকো সকীয়াই দিয়ে। তেওঁ কয় যে যদি চিকিৎসক সকল চিকিৎসালয়লৈ নাযায় তেন্তে ৰোগী সকলক কেনেকৈ চিকিৎসা কৰা হ’ব?

তেজশ্বীয়ে লগতে কয় যে বিহাৰত এতিয়া মহাগঠবন্ধনৰ চৰকাৰ আছে, গাফিলতি সহ্য কৰা নহ’ব। চিকিৎসকৰ গাফিলতিৰ বাবে যদি সাধাৰণ লোকে চিকিৎসালয়ত চিকিৎসা নাপাই তেন্তে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব।