সন্মিলিত যুৱ সমাজ গুৱাল গাঁও, টীয়কৰ উদ্যোগত আৰু সমূহ গুৱাল গাঁওবাসী ৰাইজৰ সহযোগত আজি টীয়ক দ-গুৱাল গাঁও নামঘৰত কৃতি ছাত্ৰ-ছাত্ৰী সকলক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।সন্মিলিত যুৱ সমাজৰ সম্পাদক অনিমেষ শইকীয়াই আঁত ধৰা উক্ত সভাখনি সভাপতিত্ব কৰে টীয়ক চন্দকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ জয়ন্ত পাঠক,নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড০ পংকজ গোস্বামী বিশিষ্ট অতিথি জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ মন্টু কুমাৰ বৰা, ৰাজা শইকীয়া।
নিমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুনমণি ভূঞা।
 
  
  
   
  
  
  