ঐতিহ্য  মণ্ডিত মাজুলী মহাবিদ্যালয়ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথম শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ সৰ্নিৱদ্ধ সমৰ্পন কাৰ্যসূচী ৰূপায়ণ 

প্ৰতিষ্ঠাকালৰ ৫৫ গৰাকী পুৰুধা ব্যক্তিৰ নামত শ্ৰেণীকোঠাৰ নামকৰণ।।

মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথমখন শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত মাজুলী মহাবিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি ৰূপায়ন কৰা বিভিন্ন কাৰ্যসূচী সমূহৰ ভিতৰত পুৱা ১০.৩০ বজাৰ পৰা ব্যক্তিক্ৰমী ৰূপত অনুষ্ঠিত কৰা " সৰ্নিৱৰ্দ্ধ সমৰ্পন" কাৰ্যসূচীটিয়ে মহাবিদ্যালয় খনৰ অগ্ৰগতিৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিছে। এই অনুষ্ঠানটিৰ যোগেদি প্ৰতিষ্ঠা কালৰে জড়িত যি সকল বৰেণ্য বক্তিৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত চীনা আক্ৰমণৰ ভয়াৱহ সন্ধিক্ষণত মাজুলীৰ কমলাবাৰীত মহাবিদ্যায়খনৰ বৰভেটি প্ৰতিষ্ঠা কৰিছিল চিৰ নমস্য মাজুলীৰ মুঠ ৫৫ গৰাকী বৰেণ্য ব্যক্তিৰ নামত মহাবিদ্যালয় খনৰ শ্ৰেণী কোঠা সমূহৰ নামকৰণ কৰি পুৰুধা ব্যক্তিসকলৰ পৰিয়ালৰ প্ৰতিনিধিৰ দ্বাৰা দুৱাৰ শ্ৰেণী কোঠা সমূহৰ দ্বাৰ উদ্ঘাটন কৰাই মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এক মহান আদৰ্শ দাঙি ধৰে ।