হোজাইত নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে বদৰুদ্দিন আজমলৰ বিস্ফোৰন।বদৰুদ্দিন আজমলৰ মন্তব্য ৰাজ্যত এতিয়াও 40 লাখতকৈ অধিক আছে নিবনুৱা।গতিকে চাকৰিৰ নামত দুৰ্নীতি কৰাৰ বিৰুদ্ধে লওক ব্যৱস্থা।দুৰ্নীতিত বিধায়ক হওক বা তাতকৈ ডাঙৰ কোনোবা হওক কেলেংকাৰী কৰিলে জেলত পঠোৱাব লাগে বুলি দাবী আজমলৰ।লগতে চাকৰিৰ নামত দুৰ্নীতি বন্ধৰ কৰাৰ দাবী জনায় মূল্যবৃদ্ধি দুৰ্নীতিৰ বাবে হৈছে বুলিও কৰে মন্তব্য ।অন্যহাতে নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে CBI তদন্তৰো দাবী জনাইছে বদৰুদ্দিন আজমলে ।।আজি আজমল ফাউণ্ডেচনৰ উদ্যোগত নিবনুৱা সকলক ১০০ খন ই ৰিক্সা বিতৰন কৰা অনুষ্ঠান উপস্থিত থাকি এনে মন্তব্য কৰাৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰো শুভেচ্ছা জনায় বদৰুদ্দিন আজমলে ।ইয়াৰ উপৰি মোডীক দেশৰ উন্নতি আৰু সকলো জাতিৰ হকে কাম কৰিবলৈয়ো আহ্বান কৰি 

ৰাজ্যবাসীক বিশ্বকৰ্মা পূজাৰো শুভেচ্ছা জ্ঞাপন কৰে আজমলে ।