গহপুৰত এইবাৰ সোপাধৰা নহয়;মাজনিশা মূৰ কটা মানুহ ওলাইছে।গহপুৰ ৰাঙলীয়াল নপমুৱাত নিশা ঘৰৰ খিৰিকীয়েদি অচিনাকী ব্যক্তিয়ে হাত সোমোৱাই আঘাতৰ চেষ্টা ঘৰৰ সদস্যক।মূৰ কটা মানুহ বুলি সন্দেহ কৰি ৰাইজে উত্তম মাধ্যম সোধাই পুৱতি নিশালৈকে বান্ধি থলে গছত।গাওঁৰক্ষী বাহিনীৰ তৎপৰাত আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনক।নপমুৱাৰ ধন দাস নামৰ যুৱকজনৰ বাসগৃহত মাজনিশা এগৰাকী অচিনাক্ত লোক আহি শুই থকাৰ পৰা আক্ৰমনৰ চেষ্টা চলাই। গৃহষ্ঠৰ লগতে ৰাইজ গোটখোৱাত ধাননি পথাৰত পলাবলৈ সক্ষম হয় যদিও ৰাইজে পিছত ধৰা পেলাবলৈ সক্ষম হয়। ধন দাস নামৰ যুৱক জনক হাত আৰু মুখত আঘাত কৰে ব্যক্তিজনে। কি উদেশ্যে মাজনিশা এখন অচিনাকি গাৱঁত লোক জন সোমাল ৰহস্যৰ আৰ্ৱতত যদিে ৰাইজে মূৰকটা(সোপাধৰা) মানুহ বুলি সন্দেহ প্ৰকাশ কৰিছে।অন্যহাতেদি যুৱকজনেও কোনো ধৰনৰ সঠিক পৰিচয় দিবলৈ সক্ষম হোৱা নাই।
বাইট:১। আঘাতপ্ৰাপ্ত যুৱক।
২।পিতৃ ৩। মাতৃ