এশটা দৰিদ্ৰ পৰিয়ালক জীৱিকা নিৰ্বাহৰ পথ দিলে আজমল পৰিয়ালে

শ শ পৰিয়ালৰ লোকৰ মুখত হাঁহি বিৰিঙাইছে আজমল পৰিয়ালে

হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ এশজন দৰিদ্ৰ লোকৰ মাজত একোখনকৈ ই ৰিক্সা বিতৰণ কৰা হৈছে

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ সামাজিক সংস্থা হোজাইৰ

আজমল ফাউণ্ডেচনে লৈছে এক বৃহৎ পদক্ষেপ

আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল , ন্যাসৰক্ষী তথা যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ প্ৰচেষ্টাত আজমল ফাউণ্ডেচনৰ উদ্যোগত ১০০ খন ই ৰিক্সা বিতৰণ কৰা হয় ৷

ই কিক্সা বিতৰনি অনুষ্ঠানত আজমল ভাতৃদ্বয়ৰ লগতে হোজাই ৰাজহ চক্ৰ বিষয়া চন্দন বৰগোঁহাই , আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খচৰুল ইছলামসহ অন্যান্য সকল উপস্থিত থাকে ৷

বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ ব্যক্তিগত পুঁজিৰ পৰা আজি এশখন ই ৰিক্সা বিতৰণ কৰিছে , লগতে ইছা ফাউণ্ডেচনেও ডনেট কৰা বুলি ড৹ খচৰুল ইছলামে মন্তব্য কৰিছে ৷

আনহাতে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য দি বদৰুদ্দিন আজমলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিন উপলক্ষে শুভেচ্ছা জনায়

আগন্তক দিনত যাতে দেশৰ আৰু অধিক উন্নতি কৰিব পাৰে তাৰো কামনা কৰে আজমলে

জাতি, ধৰ্ম পৰিহাৰ কৰি সকলোৰে হৈ কাম কৰি যাবলৈ প্ৰধানমন্ত্ৰীৰ প্ৰতি আহ্বান জনায় বদৰুদ্দিন আজমলে

আনহাতে, অসমৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত CBI তদন্তৰ দাবী কৰে AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে