ধেমাজি জিলাৰ জীয়াধল নদীৰ বানে চিঙিল মথাউৰি ৷ আজি সন্ধিয়া ভাগত জীয়াধল নদীৰ সোঁপাৰৰ মথাউৰিৰ বৰদলনি পঞ্চায়তৰ সাপেখাটি গাঁৱৰ অংশত মথাউৰি চিগাৰ ফলত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে মথাউৰি চিগা অংশইদি সোমাই অহা পানীয়ে জলমগ্ন কৰি ন-ন অঞ্চল  পেলাই ৰাইজক শংকিত কৰি তুলিছে ৷ উল্লেখযোগ্য যে অৰুনাচল পাহাৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত আজি পুৱাৰে পৰা জীয়াধল নদী ফেনেফুটুকাৰে বাঢ়ি বহু অঞ্চল প্লাৱিত কৰাৰ উপৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চমৰাজান অংশত থকা কুমতীয়া পকী দলঙৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাত জিলা প্ৰশাসনে দলঙখনৰ ওপৰেৰে যানবাহন চলাচল বন্ধ কৰি দিয়ে ৷ দুগত বানাক্ৰান্ত ৰাইজক উদ্ধাৰ  কৰি দুটা আশ্ৰয় শিবিৰ স্হাপন কৰি সাহৰ্য প্ৰদান কৰিছে ৷