লেতেকুজান চাহ বাগিচাত কৰম উৎসৱ পালন। নিশা ঢোল মাদল বজাই উদযাপন কৰে কৰম উৎসৱ।
ইয়া উৎসৱৰ বতৰ। সমগ্ৰ ৰাজ্যতে চাহ জনগোষ্ঠীয় লোসকলে পালন কৰিছে কৰম উৎসৱ। মৰঙী মৌজাও ব্যতিক্ৰম নহয়। মৰঙী মৌজাৰ ভিন্ন প্ৰান্তটো চাহ জনগোষ্ঠীয় হিন্দু লোক সকলে উদযাপন কৰিছে পৱিত্ৰ কৰম উৎসৱ।হয় এই দৃশ্য মৰঙী মৌজাৰ লেতেকুজান চাহ বাগিচাৰ । বাগিচাৰ চাহ শ্ৰমিক ৰাইজ একত্ৰিত হৈ কৰমা দেৱতাক পূজা অৰ্চনা কৰিছে। কৰমা দেৱতাৰ চৰনত পূজা অৰ্চনা কৰি ৰাইজৰ বাবে আশীৰ্বাদ বিচাৰিছে। উক্ত অনুষ্ঠানত নিশা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নুমলীগড় থানাৰ আৰক্ষী বিষয়া চিধা হাজৰিকা আটছা স্বতন্ত্ৰৰ নুৰুল আলি ।