Golaghat Bike Accident Spot Death One

Breaking___

##নিশা গোলাঘাটৰ ৰঙাজানৰ সমীপত সংঘটিত হল এক শোকাবহ পথ দুৰ্ঘটনা।এখন বাইকক খুন্দিয়ালে তীব্ৰ বেগী ডাম্পাৰে। ঘটনাস্হলীতে নিহত এজন যুৱক। নাম সন্জু কৰ্মকাৰ।

##লেটেকুজানৰ পৰা মাজ নিশা গোলাঘাটলৈ এখন বাইকত তিনিজন বন্ধু ৱে গৈ থকা অৱস্থাত সংঘটিত হল এই দুৰ্ঘটনাটো। ডাম্পাৰৰ খুন্দাত এজন মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত সুৰেশ মুন্ডা আৰু প্ৰফুল্ল কৰ্মকাৰক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

##ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰখন। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰি পলায়ন কৰা ডাম্পাৰৰ সন্ধান অব্যাহত ৰাখিছে।