কামৰূপ জিলাৰ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত শুক্ৰবাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে খোৱা পানী যোগান আঁচনি মুকলি কৰা হয় ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হাজো সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰা পানী যোগান আঁচনিখনৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৷ আঁচনিখনৰ শুভ উদ্বোধনৰ পিছতে জ্যেষ্ঠ শিক্ষক দেৱেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত এখনি সভা অনুষ্ঠিত হয় ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনজুৰ আলীয়ে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পিছতে উদ্বোধক হেমন্ত চৌধুৰীয়ে নিজৰ ভাষণত অহা এপ্ৰিল মাহৰপৰা কাৰ্যকৰী হোৱাকৈ জালুকবাৰী সমষ্টিৰ দহখনকৈ বিদ্যালয়ত অসমীয়া আৰু ইংৰাজী এই দুটা মাধ্যমত শিক্ষাদান কৰা হব বুলি সদৰি কৰে ৷ সভাখনত সমজুৱাৰ ফালৰপৰা তত্বগধুৰ বক্তব্য প্ৰদান কৰে বেজেৰা উঃমাঃ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গণেশ চন্দ্ৰ ডেকাই ৷ শিক্ষক পৱন চন্দ্ৰ ডেকাই আঁত ধৰা এই সভাখনতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত প্ৰদৰ্শনৰে দৰ্শকক আপ্লুত কৰে ৷ সভাত বিশিষ্ট শিক্ষাবিদ ৰজনীকান্ত তালুকদাৰ,বিশিষ্ট সমাজসেৱীকা উৰ্বশী চৌধুৰী, অৱসৰী শিক্ষক বিপিন চন্দ্ৰ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে l
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पंजाब: मुक्तसर में एक निजी बस फिसलकर नहर में गिरी, 5 की मौत और कई घायल
मुक्तसर में एक निजी बस फिसलकर सरहिंद फीडर नहर में जा गिरी। इस हादसे में 5 लोगों की मौत हो गई तो...
તળાજા પાસે ગોઝારો અકસ્માત સર્જાયો ચારના ઘટનાસ્થળે જ કમકમાટીભર્યા મો.....
તળાજા પાસે ગોઝારો અકસ્માત સર્જાયો ચારના ઘટનાસ્થળે જ કમકમાટીભર્યા મો.....
S Jaishankar meets Vladimir Putin: पुतिन ने रूस दौरे में जयशंकर के लिए तोड़ दी परंपरा (BBC Hindi)
S Jaishankar meets Vladimir Putin: पुतिन ने रूस दौरे में जयशंकर के लिए तोड़ दी परंपरा (BBC Hindi)
अहमदाबाद मंडल के साबरमती-खोडियार स्टेशनों के बीच रेलवे क्रॉसिंग नंबर 240 बंद रहेंगा
पश्चिम रेलवे के अहमदाबाद मंडल पर अहमदाबाद-मेहसाणा सेक्शन के साबरमती-खोडियार स्टेशनों के बीच ट्रेक...
मुम्बई में कुर्ला की बिल्डिंग में लगी भीषण आग, एक की मौत
महाराष्ट्र की राजधानी मुंबई से बड़ी खबर सामने आई है. यहां कुर्ला इलाके की एक रिहायशी इमारत में...