আজিৰ খবৰ, গুৱাহাটী , ৩১ জুলাই, ২০২২ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজপথত দুৰ্ঘটনাৰ সংখ্যা নূন্যতম কৰি কেনেকৈ অসমক দুৰ্ঘটনা মুক্ত ৰাজ্যলৈ পৰিণত কৰিব পাৰি তাৰ বাবে হাতে কামে নামি পৰিবলৈ পৰিবহণ বিভাগ আৰু আৰক্ষীক নিৰ্দেশ দিছে । আনহাতে সেই নিৰ্দেশৰ ভিত্তিত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষা দিশটোত কোনো ধৰণৰ আপোচ নকৰিবলৈ ৰাজ্যৰ সকলো জিলা পৰিবহণ বিষয়াক ( ডি টি অ ) নিৰ্দেশ দিছে । আনহাতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসম আৰু বিভাগীয় মন্ত্ৰীৰ পথ সুৰক্ষা দিশটোত আপোচ নকৰা নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা ডি টি অৰ ( প্ৰৱৰ্তক ) নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক আৰু প্ৰৱৰ্তক চেকাৰ সকলে নিশাৰ ভাগত গুৱাহাটী মহানগৰীত যান বাহন ভংগ কৰি ৰাজপথত বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ সহযোগত ধাৰাবাহিক অভিযান চলাই আছে । বিভাগীয় সূত্ৰই সদৰি কৰা অনুসৰি ২৮ , ২৯ আৰু ৩০ জুলাইত অৰ্থাৎ তিনিটা নিশাত গুৱাহাটীৰ বিভিন্ন ৰাজপথ , উৰণীয়া সেঁতুৰ তলত ডি টি অৰ ( প্ৰৱৰ্তক ) নেতৃত্বত অভিযানকাৰী দলটোৱে সুৰাপান কৰি বাহন চলোৱা , মবাইল ফোনত কথা পাতি বাহন চলোৱা , চাৰিচকীয়া বাহনৰ চালক - আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ নকৰা , দুচকীয়া বাহনৰ চালক বা আৰোহীয়ে হেলমেট পৰিধান নকৰা , বিভাগীয় নিৰ্দেশনা উলংঘা কৰি অধিক গতিবেগত বাহন চলোৱা , চলন্ত অৱস্থাত চিটিবাছৰ দুৱাৰ খোলা ৰখা , যাত্ৰীক অভদ্ৰ আচৰণ কৰা , সক্ষমতা বা ফিটনেছৰ প্ৰমাণ পত্ৰ নথকাকে ধৰি মুঠ ৮১ টা আইন উলংঘনৰ ঘটনা ধৰা পেলায় আৰু মটৰ পৰিবহণ আইনৰ অধীনত গোচৰ ৰজু কৰে । ইয়াৰ ভিতৰত নিৰ্ধাৰিত পৰিমাণতকৈ অধিক মাত্ৰাত সুৰাপান কৰা ১৯ জন চালকক আটক কৰা হয় । বিভাগীয় সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটীৰ ৰাজপথত সংঘটিত পথ দুৰ্ঘটনাৰ প্ৰায় ৭০ শতাংশ চালকে অধিক গতিবেগত চলোৱাৰ বাবে হোৱা বুলি নিশ্চিত তথ্য পোৱা গৈছে । যাৰ বাবে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ডি টি অ সকলক যান বাহন আইন উলংঘা কৰি ৰাজপথত বাহন চলোৱা চালক সকলৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছে । উল্লেখযোগ্য যে বিগত সময়চোৱাত অভিযানকাৰী দলটোৱে গুৱাহাটীত ৩১ খন চিটিবাছ জব্দ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें खरीदारी
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें...
Breaking News: विवादित ट्वीट के बाद अब JDU में बढ़ा Ashok Choudhary का कद | Nitish Kumar | Aaj Tak
Breaking News: विवादित ट्वीट के बाद अब JDU में बढ़ा Ashok Choudhary का कद | Nitish Kumar | Aaj Tak
સુરત કલેકટર કચેરી ખાતે નગરપાલિકા નિયામક ના અધ્યક્ષ સ્થાને સંકલન સમિતિની બેઠક યોજાઈ યોજવામાં આવી.
સુરત કલેકટર કચેરી ખાતે નગરપાલિકા નિયામક ના અધ્યક્ષ સ્થાને સંકલન સમિતિની બેઠક યોજાઈ યોજવામાં આવી....
বগাহাতীত পৰিণত লাখ লাখ টকীয়া জলসিঞ্চনৰ আচঁনি
গোৱালপাৰাৰ হাদী গাওঁত আজি পৰা ১৬ বছৰ আগতে গোৱালপাৰাৰ হাদীগাওঁত জলসিঞ্চন বিভাগে কৃষকৰ সুবিধাৰ বাবে...
জাপানীজ এনকেফেলাইটিচত আক্ৰান্ত হৈ তিনিমহীয়া শিশুৰ মৃত্যু
ৰাজ্যত জাপানীজ এনকেফেলাইটিচৰ ভয়াবহ ৰূপ ।।
জাপানীজ এনকেফেলাইটিচত আক্ৰান্ত হৈ তিনিমহীয়া শিশুৰ...