অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ এটা প্ৰতিনিধি দলে পুঠি নদীৰ বাঢ়নী পানীত বুৰ গৈ থকা মুদৈজান বাগিচা,চাপৰিচুক আদি অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ পিছত স্হানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰি ,স্থানীয় প্ৰশাসনৰ সহযোগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত শতাধিক পৰিয়ালক বান সাহাৰ্য্য হিচাপে খোৱা পানীকে ধৰি অত্যাৱশ্যকীয় বহুতো সামগ্ৰী প্ৰদান কৰে। 

    পুঠি নদীৰ বাঢ়নী পানীয়ে মুদৈজান বাগিচা চাপৰিচুকৰ সমীপত নদীখনৰ এটা বান্ধ ছিঙি পেলোৱাৰ ফলত অঞ্চলটো বৰ্তমান বছৰৰ চতুৰ্থটো বানৰ কবলত পৰিছে ।অতি শীঘ্ৰ মঠাউৰি নিৰ্মাণৰ লগতে যিসকল মানুহ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে সেইসকলক খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিবলৈ চৰকাৰক যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিয়ে দাবি জনাইছে।