অসমৰ প্ৰথমটো চলচ্ছিত্ৰগৃহ জোনাকীত সম্প্ৰতি আন্ধাৰেৰে ভৰি পৰিছে৷ কিন্তু সুখব এয়ে যে অচিৰেই জোনাকী পুনৰ উজ্জীৱীত হৈ উঠিব আৰু জ্যোতিৰ জেউতী চৰাব৷ উল্লেখ্য যে, ১৯৩৪ চনতে তেজপুৰত নিৰ্মাণ কৰা প্ৰথমটো চলচ্ছিত্ৰ গৃহৰ পুনৰ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ ইতিমধ্যে অসম চলচ্ছিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ ফালৰ পৰা ৰাজ্যখনৰ ১০ টা চলচ্ছিত্ৰগৃহলৈ অনুদান আগবঢ়াই কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও কেতবোৰ সমস্যাৰ বাবে জোনাকী কাৰ্যক্ষম হৈ উঠা নাছিল৷ সেয়েহে বিশেষ গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম চলচ্ছিত্ৰ উন্নয়ন নিগমে জোনাকীক কাৰ্যক্ষম কৰাৰ কাৰ্যপন্থা হাতত লৈছে৷ আজি নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ আহি জোনাকী পৰিদৰ্শন কৰে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত পুনৰ জোনাকীয়ে প্ৰাণ পাই উঠিব বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয় যে, পূৰ্বতকৈ অসমীয়া চলচ্ছিত্ৰৰ দিন ভাললৈ আহিছে৷ এই বছৰ ২৭ খন অসমীয়া চিনেমা মুক্তিলাভ কৰিব৷ আনহাতে ৰাজ্যখনৰ ৫০ টা চিত্ৰগৃহৰ ৭৪ খনকৈ স্ক্ৰীণত চলচ্ছিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা উপলব্ধ৷ গতিকে অসমীয়া চলচ্ছিত্ৰ আৰু অসমৰ চিত্ৰগৃহৰ অৱস্থা বৰ্তমান যথেষ্ট সন্তোষজনক বুলি তেওঁ কয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गोठ्याला आग लागून गाईचा मृत्यू; शेती उपयोगी साहित्य जळून नष्ट.
गोठ्याला आग लागून गाईचा मृत्यू; शेती उपयोगी साहित्य जळून नष्ट.
પોરબંદર : પોરબંદર માં ખાસ નવરાત્રી પહેલા જ યાર્ડ ખાતે ફડ માગવામાં આવે છે.
પોરબંદર : પોરબંદર માં ખાસ નવરાત્રી પહેલા જ યાર્ડ ખાતે ફડ માગવામાં આવે છે.
તળાજા તાલુકાના દસ જેટલા ગામોમાં ધારાસભ્ય કનુભાઈ બારૈયાની બેઠક યોજાઈ જુઓ
તળાજા તાલુકાના દસ જેટલા ગામોમાં ધારાસભ્ય કનુભાઈ બારૈયાની બેઠક યોજાઈ જુઓ
Parliament Session: Sidhu Moose Wala के परिवार को अब तक इंसाफ नहीं मिला -Charanjeet Channi | Aaj Tak
Parliament Session: Sidhu Moose Wala के परिवार को अब तक इंसाफ नहीं मिला -Charanjeet Channi | Aaj Tak