অসমৰ প্ৰথমটো চলচ্ছিত্ৰগৃহ জোনাকীত সম্প্ৰতি আন্ধাৰেৰে ভৰি পৰিছে৷ কিন্তু সুখব এয়ে যে অচিৰেই জোনাকী পুনৰ উজ্জীৱীত হৈ উঠিব আৰু জ্যোতিৰ জেউতী চৰাব৷ উল্লেখ্য যে, ১৯৩৪ চনতে তেজপুৰত নিৰ্মাণ কৰা প্ৰথমটো চলচ্ছিত্ৰ গৃহৰ পুনৰ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ ইতিমধ্যে অসম চলচ্ছিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ ফালৰ পৰা ৰাজ্যখনৰ ১০ টা চলচ্ছিত্ৰগৃহলৈ অনুদান আগবঢ়াই কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও কেতবোৰ সমস্যাৰ বাবে জোনাকী কাৰ্যক্ষম হৈ উঠা নাছিল৷ সেয়েহে বিশেষ গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম চলচ্ছিত্ৰ উন্নয়ন নিগমে জোনাকীক কাৰ্যক্ষম কৰাৰ কাৰ্যপন্থা হাতত লৈছে৷ আজি নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ আহি জোনাকী পৰিদৰ্শন কৰে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত পুনৰ জোনাকীয়ে প্ৰাণ পাই উঠিব বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয় যে, পূৰ্বতকৈ অসমীয়া চলচ্ছিত্ৰৰ দিন ভাললৈ আহিছে৷ এই বছৰ ২৭ খন অসমীয়া চিনেমা মুক্তিলাভ কৰিব৷ আনহাতে ৰাজ্যখনৰ ৫০ টা চিত্ৰগৃহৰ ৭৪ খনকৈ স্ক্ৰীণত চলচ্ছিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা উপলব্ধ৷ গতিকে অসমীয়া চলচ্ছিত্ৰ আৰু অসমৰ চিত্ৰগৃহৰ অৱস্থা বৰ্তমান যথেষ্ট সন্তোষজনক বুলি তেওঁ কয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bhavnagar : PGVCLના કર્મચારી પર હુમલો | MantavyaNews
Bhavnagar : PGVCLના કર્મચારી પર હુમલો | MantavyaNews
तन-मन-धन और इच्छा शक्ति से देश को आगे बढ़ाने में हर व्यक्ति दें योगदान - श्री हीरालाल नागर
बूंदी, 15 अगस्त। जिलेभर में 78वां स्वतंत्रता दिवस गुरूवार को गरिमा पूर्ण माहौल में हर्षाेल्लास के...
उपराष्ट्रपति पद के लिए धनखड़ ही क्यों, क्या ममता का मुकाबला करने का इनाम मिला?
देश में उपराष्ट्रपति चुनाव (Vice-President Election) की चर्चा तेज हो गई है. बीते शनिवार को भारतीय...
નસવાડી હાઇવે પર દૂધ ભરેલું ટેન્કર પલટી માર્યું ચાલક અને કંડકટર નું શું થયું? જુઓ exclusive news
નસવાડી હાઇવે પર દૂધ ભરેલું ટેન્કર પલટી માર્યું ચાલક અને કંડકટર નું શું થયું? જુઓ exclusive news