ফেচবুক, ইন্ষ্টাগ্ৰাম, ৱাটচএপ আৰু ৰিলচ্ আদিৰ দৰে সামাজিক মাধ্যমসমূহে বৰ বেয়াকৈ আসক্ত কৰি বৰ্তমানৰ সমাজ ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীসকলক গ্ৰাস কৰি পেলাইছে  আৰু এইবোৰ সামাজিক মাধ্যমৰ আসক্তিয়ে আমাৰ মূল্যৱান সময়বোৰ অপচয় কৰিছে। গতিকে এইবোৰৰ পৰা আমি নিজকে আঁতৰাই আনি  পুথি অধ্যয়নৰ প্ৰতি মন দিয়া উচিত। আজি উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণী সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি এইদৰে মন্তব্য কৰে  বিশিষ্ট লেখিকা জুৰী বৰা বৰগোহাঞিয়ে।