চৰাইদেউ জিলাৰ চফ্ৰাইত এয়াৰটেলৰ নিম্নমানৰ সেৱাত অতিষ্ঠ উপভোক্তা। 

চৰাইদেউ জিলাৰ সোণাৰিৰ অন্তৰ্গত চফ্ৰাইত এয়াৰটেল নিম্নমানৰ নেটৱৰ্কৰ লগতে ইন্টাৰনেট সেৱাই এয়াৰটেল উপভোক্তা সকলক বাৰুকৈয়ে ভোগাইছে। বিগত দুদিন ধৰি গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকে আপত্তি তথা আবেদন কৰিছে যদিও কোনো সুফল নোপোৱাত গ্ৰাহকৰ প্ৰতিক্ৰিয়া প্ৰকাশ। এয়াৰটেল নেটৱৰ্ক সম্পূৰ্ণ ৰূপে বিকল হৈ আছে। যাৰ ফলত অঞ্চলটোৰ কেইবাহাজাৰ গ্ৰাহক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। কোম্পানীটোৱে গ্ৰাহকৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।