টিংখাঙৰ ৰাজগড়ত আজি একে স্থানতে পৃথকে পৃথকে সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা।উক্ত ঘটনাত কেইবাজনো পুৰুষ মহিলা গুৰুতৰ ভাৱে আহত হয়। ইয়াৰে এগৰাকী মহিলাৰ অৱস্থা সংকটজনক। ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথ আৰু মৰাণ নাহৰকটীয়া ৰাজ্যিক ঘাইপথৰ ৰাজগড় টাউনৰ সমীপৰ চাৰিআলিত প্ৰায় আধা ঘণ্টাৰ ভিতৰতে সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা। সাপেখাটিৰ দিশৰ পৰা দ্ৰুত গতিত অহা আন এখন ডাম্পাৰে দুগৰাকী স্কুটি আৰোহীক প্ৰচণ্ড বেগত খুন্দা মৰাৰ ফলত মহিলা দুগৰাকী বহু দুৰৈত চিটিকি পৰে। AS06AE 5342 নম্বৰ স্কুটি খনেৰে ৰাজগড় সমীপৰ কেন্দুগুৰী চাহ বাগিচাৰ লাইনৰ নিবাসী আশা তাঁতী (৩৫) নামৰ মহিলা গৰাকী আৰু উক্ত লাইনৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী ৰীমা তাঁতী সহ ৰাজগড়ত বজাৰ কৰি ঘৰৰ অভিমুখে গৈ থকা সময়ত উক্ত চাৰিআলিটোত AS 22 C 6816 নম্বৰ ডাম্পাৰ খনে প্ৰচণ্ড বেগত খুন্দা মাৰে। ফলত দুয়োগৰাকী মহিলা গুৰুতৰ ভাৱে আহত হয়। আহত দুইগৰাকীকে ৰাজগড় সামুহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্কুটি চালক আশা তাঁতীৰ অৱস্থা অতি সংকটজনক হোৱাত দুইগৰাকীকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। একে স্থানতে এখন ডাম্পাৰ গাড়ীয়ে এখন যাত্ৰীবাহী অট গাড়ীক খুন্দা মৰাৰ ফলত অটখন চেপেটা হৈ পৰে। ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে এজন যাত্ৰী আৰু চালকজন। ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰ খন চৰাইদেউ জিলাৰ সাপেখাটি দিশলৈ পলাই যায়। ঘটনা সংঘটিত কৰি ডাম্পাৰ খন পলাই যায় যদিও আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়। অতি ব্যস্থতাময় উক্ত চাৰিআলিটোত কোনো ধৰণৰ গতি ৰোধক নথকাৰ বাবে নিতৌ সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। উক্ত স্থানত গতি ৰোধকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাহৰকটীয়া চাচনিৰ বালিপৰাত ভয়ংকৰ পথ দূৰ্ঘটনা।
নাহৰকটীয়াৰ চাচনি বালিপৰাত ভয়ংকৰ পথ দূৰ্ঘটনা। অল্ট আৰু ট্ৰেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষ ।৫ জন...
समय पर नहीं मिला इलाज सड़क हादसे में घायल शख्स को।
जनपद आजमगढ़ के थाना दीदारगंज में,समय पर नही मिला इलाज सड़क हादसे में घायल शख्स को।मालूम होकि जनपद...
હાલોલ રૂરલ પોલીસે ચોક્કસ બાતમીના આધારે કૌટામેડા ગામે છાપો મારી પંથકના કુખ્યાત બુટલેગર મહોબતસિંહ ચૌહાણનો ૩.૮૪ લાખ રૂ.નો વિદેશી દારૂ ઝડપી પાડ્યો.
પંચમહાલ જિલ્લાના ઉચ્ચ પોલીસ અધિકારીઓની સૂચના અને માર્ગદર્શન હેઠળ પંથકમાંથી પ્રોહીબિશનની અસામાજિક...
মহানগৰীৰ পাটৰকুছি শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত লক্ষ্মী
মহানগৰীৰ পাটৰকুছি শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত লক্ষ্মী
Parliament Session 2024: Akhilesh Yadav ने शायरी से की भाषण की शुरुआत, सरकार पर साधा निशाना
Parliament Session 2024: Akhilesh Yadav ने शायरी से की भाषण की शुरुआत, सरकार पर साधा निशाना