অসম তথা জামুগুৰিহাটবাসীৰ বাবে সু-খবৰ!সকলো ঠিকে থাকে থাকিলে হয়তু অতি কম দিনৰ ভিতৰত জামুগুৰিহাটত উৎপাদিত হোৱা নেমু ৰপ্তানি হব সুদূৰ নেদাৰলেণ্ডলৈ।জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ উৎপাদিত হোৱা নেমু খেতি ইতিমধ্যে পৰিদৰ্শন কৰি গৈছে নেদাৰলেণ্ডৰ প্ৰতিনিধিয়ে।সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা নেদাৰলেণ্ডৰ এটি প্ৰতিনিধি দলে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বালিজুৰি,মৰিসুতি,বৰদিকৰাই,আজাৰগুৰিকে ধৰি কেইবাটাও স্থানত থকা কৃষকৰ উৎপাদিত নেমু খেতি অলপতে স্ব-চক্ষে পৰিদৰ্শন কৰি এই অঞ্চলৰ উৎপাদিত নেমু পৰীক্ষা মূলক ভাবে নিজৰ দেশলৈ লৈ যোৱা বুলি জানিব দিছে বিদেশী প্ৰতিনিধিক সংগ দিয়া জামুগুৰিহাটৰ মুঢ়াদলৰ উদ্যমী কৃষক পংকজ হাজৰিকাই। কৃষক পংকজ হাজৰিকাই জানিব দিয়া মতে যদি নেদাৰলেণ্ডলৰ প্ৰতিনিধি দলটোৱে তেওঁলোকে বিচৰা ধৰনৰ নেমুৰ স্থান জামুগুৰিহাটৰ নেমুয়ে লাভ কৰিবলৈ সক্ষম হয় তেন্তে এই নেমু অকল নেদাৰলেণ্ড লৈকে নহয় ইউৰোপৰ আন দেশ সমূহলৈ ৰপ্তানি হোৱাৰ সুবিধা লাভ কৰিব।বিদেশী প্ৰতিনিধি দলটোৱে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ নেমু খেতি পৰিদৰ্শনৰ পাছত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা কৃষি পাম কন্যাকাও পৰিদৰ্শন কৰে। উল্লেখ যে ইতিমধ্যে বিশেষ গুণৰ বাবে খ্যাতি অৰ্জন কৰা জামুগুৰিহাটৰ উত্তৰাঞ্চলত উৎপাদিত নেমু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি:ৰাজ্যলৈও ৰপ্তানি হয়।
#জামুগুৰিহাটৰ নেমু ৰপ্তানি হ'ব সুদূৰ নেদাৰলেণ্ডলৈ। #নেমু খেতি পৰিদৰ্শন কৰি গ'ল বিদেশী প্ৰতিনিধিয়ে।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/07/nerity_0301ff7fa408cf5acf7381e4da75c7af.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)