প্ৰতিবাদত উত্তাল মৰঙিৰ পোৰাবঙলা। বন্ধ হৈ থকা বগীঢলা চাহ বাগিচাৰ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবী ।

মৰঙি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপৰ পোৰাবঙলাৰ দৃশ্য এইয়া । প্ৰতিবাদত নামিল আটছাৰ লগতে বগীঢলা চাহ বাগিচাৰ শ্ৰমিক ৰাইজ তথা কাৰ্যসূচীত অংশগ্ৰহণ কৰে আটছা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইক । ২০১৭ চনৰ পৰাই মালিক পক্ষই শ্ৰমিকক কৰা গুলীচালনা ঘটনাক কেন্দ্ৰ কৰি বন্ধ হৈ আছে চাহ বাগিচাখন । বহু প্ৰতিবাদ,বহু আলোচনাৰ পিছতো আজি পৰ্যন্ত শ্ৰমিকে ন্যায় নাপালে। খোল নাখালে চাহ বাগিচাখন । যাৰ ফলত হাহাকাৰ শ্ৰমিকৰ ।লগতে ক্ষোভিত হৈ কয়যে যদি উক্ত সমস্যাসমূহ স্থানীয় বিধায়ক তথা বিভাগীয় মন্ত্ৰীয়ে সমাধা কৰিব নোৱাৰে তৎকালীন ভাৱে তেওঁলোকে পদত্যাগ কৰক । এই বাগিচাখন শীঘ্ৰে খোলাৰ লগতে শ্ৰমিকৰ ন্যায্য প্ৰাপ্যৰ দাবীত আটছা আৰু বগীঢলাৰ শ্ৰমিকৰ এই প্ৰতিবাদ।