বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই নিজ সমষ্টিৰ কৃতী ছাত্ৰ ছাত্ৰীসকলক ৩১ জুলাইত অভিনন্দন জনায়। বোকাখাতৰ মেধাৱী শিক্ষাৰ্থীসকলক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে বোকাখাত নাট্য মন্দিৰৰ সমীপত আয়োজিত কৃতী ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠানত সদ্যঘোষিত ২০২১-২০২২ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বোকাখাতলৈ গৌৰৱ কঢ়িয়াই অনা সহস্ৰাধিক কৃতী ছাত্ৰ ছাত্ৰীক মান-পত্ৰ, গ্ৰন্থ আৰু গছপুলি প্ৰদানেৰে অভিনন্দন জনায় মন্ত্ৰী বৰাই। অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী বৰাই কয় যে ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যৎ। প্ৰতিজন ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিবলৈ উৎসাহিত কৰা আৰু সম-সুযোগ প্ৰদান কৰাটো সমাজৰ প্ৰতিজন ব্যক্তিৰ দায়িত্ব।শিক্ষা কেৱল তথ্য  শিকাৰ বাবে নহয়। শিক্ষাই মনৰ চিন্তা-চেতনা বিকশিত কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰে বুলিও তৎপৰ্যপূৰ্ণ মন্তব্য কৰে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই। ইপিনে এখন সুস্থ সমাজ তথা জীৱন গঢ়াৰ মূল আধাৰ হৈছে শিক্ষা। সেয়েহে জীৱন বাটত সফল হ'বৰ বাবে কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে শিক্ষাক প্ৰধান অস্ত্ৰ হিচাপে লৈ আগবাঢ়ি যাবলৈ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় মন্ত্ৰী বৰাই। আজিৰ এই অভিনন্দন অনুষ্ঠানত বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়া, গোলাঘাটৰ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, গোলাঘাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° সমীৰণ বৰা, নৱ নিযুক্ত অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতুশৰ্মা ৰাজখোৱা, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেবপ্ৰদীপ বৰা, অগপৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত কলিতা, ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া অনিমেশ শইকীয়াকে প্ৰমুখ্যে বহু কেইৰাকী বিশিষ্ট ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজে উপস্থিত থাকে।