উজনি মাজুলীৰ ফুলনি অঞ্চলত সংগীতৰ ক্ষেত্ৰ খনত ছাত্ৰছাত্ৰী সকলক আগুৱাই নিয়াৰ বাবে ২০১৯ চনত স্থাপন হোৱা আৰোহণ সংগীত একাডেমিৰ আজি অভিভাৱক সন্মিলন অনুষ্ঠিত হয় ৷ আজি বিয়লি এক বজাৰ পৰা শুভাৰম্ভ হোৱা সভা খনৰ বন্তি প্ৰজ্বলন কৰে লাহৰী মেধীয়ে ৷ অভিভাৱক সন্মিলন খন ছাত্ৰছাত্ৰী সকলে বৰগীত পৰিৱেশন কৰি মঞ্চৰ শুভ উদ্ধোধন কৰে ৷ আৰোহণ সংগীত একাডেমিৰ পৰিচালিকা পিংকুমনি বৰাই আট ধৰা সভাৰ সভাপতিত্ব কৰে কবি জয়ন্ত হাজৰিকাই ৷ সভাত নিদিষ্ট বক্তাৰ ভাষনত জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰবক্তা বিনোদ দাস আৰু শিক্ষক হেমকুমাৰ মিলিয়ে সংগীত বিদ্যালয় খনে অঞ্চলৰ ছাত্ৰছাত্ৰী সকলক কৰা উপকাৰৰ ওপৰত মন্তব্য কৰে ৷ সভাত বিশিষ্ট ব্যক্তি হিচাপে থাকি ভাষন ৰাখে ৰাজিব শইকীয়া , বিপুল বৰা আৰু সদৌ গোৰ্খা সন্মিলনৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনিকুমাৰ নেৱাৰে ৷ এই সভাতেই একাডেমী খনৰ নতুন পৰিচালনা সমিতিত ডাক্তৰ মানিক মিলি , ৰাজিব শইকীয়া , মনিকুমাৰ নেৱাৰ , পদ্ম শইকীয়া ,বিনোদ দাস , দ্বীজেন শইকীয়াক উপদেষ্টা , জয়ন্ত হাজৰিকাক সভাপতি , পিংকুমনি বৰাক সম্পাদিকা , মনিষা মেধিক সহ সম্পাদিকা আৰু আৰোহণ সংগীত একাডেমীৰ অভিভাৱক সকলক লৈ নতুন সমিতি খন গঠন কৰা হয় ৷ সভা খনত বিভিন্নজন ছাত্ৰছাত্ৰীৰ সংগীত পৰিৱেশনে উপস্থিত সকলোকে আপ্লুত কৰে ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই লেখিকা কৃষ্ণ মেধীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
खेल संकुल में ‘उच्चरक्तचाप-हृदयरोग उपचार के लिए योग शिविर का आयोजन
10वें अर्न्तराष्ट्रीय योग दिवस आयोजन की श्रृंखला में आयोजित योग सप्ताह के तहत शनिवार को खेल संकुल...
ધ્રાંગધ્રા તાલુકાના મોટી માલવણ ગામે પ્રાથમિક આરોગ્ય કેન્દ્રમાં સાધનો તેમજ સોલર સિસ્ટમનું લોકાર્પણ
ધ્રાંગધ્રા તાલુકાના મોટી માલવણ ગામે પ્રાથમિક આરોગ્ય કેન્દ્રમાં સાધનો તેમજ સોલર સિસ્ટમનું લોકાર્પણ
હવે પાકિસ્તાની પ્રેમીને મળવા પહોંચી ભારતથી અંજુ બીજા લગ્ન કરી પ્રિવેડીંગ ના ફોટો વિડીયો થયા વાયરલ.
કોઇ પણ ક્ષેત્રૅ જ્યારે વાત ભારત અને પાકિસ્તાન વચ્ચેની આવે તો પુરી દુનિયાનુ ધ્યાન તેની ઉપર...
रोहा में श्रद्धालुओं ने श्रवण की निर्जला एकादशी व्रत कथा।अभामामस ने स्कूली बच्चों के साथ मिल किया पौधरोपण।
रोहा श्रीपंचायती ठाकुरबाडी प्रांगण में निर्जला एकादशी के अवसर पर दिन के 11बजे पुरोहित नगेंद्र...