নুমলীগড়ত অসম চাহ জনজাতী ছাত্ৰ সন্থাৰ উদ্যোগত বগীধলা চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ।

পূজাৰ বতৰত ৰাজপথত চাহ শ্ৰমিক । চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে আকাশ বতাহ ।

 নুমলীগড়ত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । পূজাৰ বুনাচৰ নাই আনন্দ উল্লাহ এখন চাহ বাগিচাৰ শ্ৰমিকৰ । বিপৰীতে চাহ বাগিচাৰ কণকণ শিশুৰ পৰা আৰম্ভ কৰি পুৰুষ মহিলা সকলো ব্যস্ত প্ৰতিবাদত । হয় বগীধলা চাহ বাগিচাৰ মালিক পক্ষই ৫ বছৰ পূৰ্বে প্ৰাপ্য বিচাৰি যোৱা শ্ৰমিকক কৰা নিৰ্বিচাৰ গুলী চালনাত কেইবাজনো শ্ৰমিক আহত হৈছিল । যাৰবাবে চৰকাৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল চাহ বাগিচা খন । চাহ বাগিচা খন পুনৰ সক্ৰিয় কৰাৰ দাবীত পূজাৰ বতৰটো প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক সকলে । অসম চাহ জনজাতী ছাত্ৰ সন্থাৰ উদ্যোগত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থান ধৰ্মঘট কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক সকলে । অতিশীৰ্ঘে চাহ বাগিচা খন সক্ৰিয় কৰি শ্ৰমিকৰ প্ৰাপ্য প্ৰদান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী হাতত লব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী শ্ৰমিক সকলে ।