পাথৰিঘাটত মহাপুৰুষ মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি উদযাপন

 মহাপুৰুষীয়া বৈষ্ণৱ সমাজ, দৰং জিলা সমিতিৰ উদ্যোগত ঐতিহাসিক পাথৰিঘাট সত্ৰত মহাপুৰুষ মাধৱদেৱৰ  ৪২৬ সংখ্যক তিৰোভাৱ তিথি উদযাপন কৰা হয় । সেই উপলক্ষে পুৱাৰে পৰা জিলা খনৰ ৪০  টা শাখাৰ বাপ,আই মাতৃৰ নাম প্ৰসংগেৰে মুখৰিত হৈ পৰে সত্ৰৰ চৌহদ । ইয়াৰ লগত সংগতি ৰাখি পুৱা প্ৰভাত ফেৰি, ভাগৱত পাঠ, নাম প্ৰসঙ্গ পিছতে ধৰ্মালোচনী সভা অনুষ্ঠিত হয় ।  মহাপুৰুষীয়া বৈষ্ণৱ সমাজ, দৰং জিলা সমিতিৰ , সম্পাদক মনোজ কুমাৰে আঁতধৰা ধৰ্মালোচনী সভাখন সঞ্চালনা কৰে ৰাজ্যিক সভাপতি মহেন্দ্ৰ বৰাই ।  সুনীল ডেকাই বৰগীতেৰে  প্ৰসঙ্গৰ আঁতধৰা সভাত মহন্ত গুৰু নাৰায়ণ শইকীয়া, কন্ঠিৰাম ডেকা আৰু জিলা সমিতিৰ সভাপতি মনোৰাম চহৰীয়াই অংশ গ্ৰহণ কৰে। শিশু বক্তা প্ৰিয়াক্ষী চলিহাৰ ভাষণে সকলোকে আপ্লুত কৰে ।