ধেমাজি: ছয় জনগোষ্ঠী জনজাতিকৰণ নৰকা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে সংবাদমেলত কৰা মন্তব্যক উলতি ধৰিলে ধেমাজি সদৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মানচাও মনোজ গগৈয়ে ।

ছয় জনগোষ্ঠী জনজাতিকৰণ নৰকা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে সম্বোধন কৰা সংবাদ মেলত ছয় জনগোষ্ঠীৰ নেতৃত্বৰ ওপৰত কৰা প্ৰশ্নক ধেমাজি সদৰত আটাছু কেন্দ্ৰীয় যুটীয়া সম্পাদক মানচাও মনোজ গগৈয়ে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে যি কৰিব লাগে সকলো সেয়া কৰি চৰকাৰক জনজাতিকৰণৰ দাবী জনাই আহিছে । জাতি হৈ কোনো মাত নমতা , এজন ব্যক্তিয়ে জনগোষ্ঠীয় নেতৃবৰ্গৰ ওপৰত আঙলী উঠোৱাটো আটাছুয়ে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে । মাত্ৰ টিআৰ পি ৰ বাবে এনেধৰণৰ মন্তব্য প্ৰদান নকৰি,ইয়াক লৈ ৰাজনীতি নকৰিবলৈ হুংকাৰ প্ৰদান কৰে।