কেন্দ্ৰ আৰু অসম চৰকাৰে বৃহস্পতিবাৰে নতুন দিল্লীত অসমৰ আঠটা আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰে।

মখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে এই অনুষ্ঠানত উপস্থিত থকা গৃহমন্ত্ৰী অমিত শ্বাহে এই দিনটোক অসম তথা উত্তৰ-পূবৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰে।

অমিত শ্বাহে লগতে কয়, ‘উত্তৰ-পূবৰ উন্নয়নৰ বাবে মোদী চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ আদিবাসী সংগঠনৰ প্ৰায় ১১০০ ব্যক্তিয়ে আজি অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে’।

৮টা বিদ্ৰোহী সংগঠন হ’ল বিৰছা কমাণ্ডো ফ’ৰ্চ (বি চি এফ), আদিবাসী পিপলছ আৰ্মী (আপা), সদৌ আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মী (আনলা), আদিবাসী কোব্ৰা মিলিটাৰী অৱ অসম (আকমা) আৰু চান্থালী টাইগাৰ ফৰ্চ (এছটিএফ)। বাকী তিনিটা সংগঠন হৈছে বিচিএফ, আনলা আৰু আকমাৰ ভিন্ন গোট।