বিষয় জনজাতিকৰণ  ! মাজুলীত চুতীয়া ছাত্র সন্থাৰ

প্ৰতিবাদী কাৰ্যসূচী

 কালি কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক বাদ দি ৫ খন ৰাজ্যৰ ১২ জনগোষ্ঠীৰ জনজাতিৰ মৰ্যদা প্ৰদান কৰাত জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন । আজি ইয়াৰে প্ৰতিবাদত উত্তাল হৈ পৰে মাজুলী। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া ছাত্র সন্থাৰ মাজুলী জিলা সমিতিয়ে ।

উজনি মাজুলীৰ নতুন বজাৰত আজি সন্ধ্যা ৬ বজাত সংগঠনটোৰ অৰ্ধ শতাধিক সদস্যই এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি অসমৰ চুতীয়া জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনায় । অন্যথা আগন্তুক লোকসভা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।