পুনৰ বঞ্চিত হ’ল অসমৰ ৬ জনগোষ্ঠী। ইফালে ৫ ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে।
বুধবাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ছট্টিশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ অনুসূচিত জনজাতিৰ শ্ৰেণীত কেইবাটাও জনজাতীয় সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়।
উল্লেখ্য, অসমতো ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে। কিন্তু বুধবাৰৰ কেন্দ্ৰীয় কেবিনেটে অসমৰ এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিবেচনা নকৰিলে। আহোম, মৰাণ,মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী বঞ্চিত হ’ল এই তালিকাৰপৰা।
নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি এই বিষয়ত বিশদ বৰ্ণনাৰে কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কয়, “বছৰ বছৰ ধৰি অমীমাংসিত হৈ থকা ৫খন ৰাজ্যৰ জনজাতীয় সম্পৰ্কীয় বিভিন্ন বিষয়ত এই সিদ্ধান্ত লোৱা হৈছে।