বিষয় জনজাতিকৰণ ! সোণাৰিত টাইপাৰ প্ৰতিক্ৰিয়া প্ৰকাশ 

বিষয় জনজাতিকৰণ ! সোণাৰিত টাইপাৰ প্ৰতিক্ৰিয়া প্ৰকাশ

 :- কালি কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক বাদ দি ৫ খন ৰাজ্যৰ ১২ জনগোষ্ঠীৰ জনজাতিৰ মৰ্যদা প্ৰদান কৰাত জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন । আজি ইয়াৰে প্ৰতিবাদত উত্তাল হৈ পৰে সোণাৰি। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৰ চৰাইদেউ জিলা সমিতিয়ে । সোণাৰি নগৰৰ শিৱ মন্দিৰ তিনিআলিত আজি দুপৰীয়া শতাধিক আটাছু আৰু টাইপাৰ সদস্যয়ে পৃথকে পৃথকে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি অসমৰ আহোম জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনায় । অন্যথা আগন্তুক লোকসভা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে । এই সম্পৰ্কে টাই আহোম যুৱ পৰিষদ অসমৰ প্ৰতিক্ৰিয়া প্ৰকাশ।