গোলাঘাট জিলাৰ মৰঙী মৌজাত অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত । নিশা বন্যহস্তীয়ে সম্পূৰ্ণৰূপে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ । কথমপী প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ ।

হয়, গোলাঘাট জিলাত অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত । মৰঙীৰ মুৰফুলানীত বন্যহস্তীৰ ত্ৰাস । নিশা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে বাসগৃহ । বাসগৃহ ৰ ভিতৰত প্ৰৱেশ কৰি খাই গচকী অনিষ্ট কৰে ধান, চাউল । কথমপী হে প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ । মুকলি আকাশৰ তলত পৰিয়াল কেইটা । ঘটনা স্থলীত মুৰফুলানি খণ্ড বন কাৰ্য্যালয়ৰ খণ্ড বন বিষয়া উপস্থিত হৈ পৰিয়াল কেইটাৰ ক্ষতিপূৰণৰ বুজ লয় ।