কোকিলাৰ বালাৰচৰত ডিজিটেল মাধ্যমত নতুনকৈ সংযোজিত হল B24 ASSAM নামৰ পোৰ্টেলঃ

মুখ্য কাৰ্যালয় মুকলি কৰে নামনি অসমত শিক্ষাৰ জাগৰণ সৃষ্টি কৰা আনন্দৰাম বৰুৱা একাডেমীৰ সঞ্চালক ড০ ৰঞ্জিত ডেকাইঃ

👉ৰাইজৰ আস্থা আৰু বিশ্বাস যোগ্য, তথ্য সম্বৃদ্ধ অনুসন্ধান মূলক সংবাদৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰেঃ ৰফিকুল ইছলামঃ

বঙাইগাঁও জিলাৰ আই আৰু মানাহ নদীৰে আগুৰা নদীদ্বীপ সদৃশ অঞ্চল বালাৰচৰত একডৰজন সাংবাদিকৰ পিষ্ঠপোষকতাত জন্ম হল বি ২৪ অসম (B24 ASSAM ) নামৰ ওৱেব পোৰ্টেলৰ। 

অসমৰ একেবাৰে পিছপৰা অঞ্চল সমূহৰ সামাজিক সমস্যা সমুহ দাঙি ধৰি চৰকাৰ - প্ৰসাশনৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে ডিজিটেল মাধ্যমত সংযোজিত হোৱা B24 ASSAM ৰ মুখ্য কাৰ্যালয় খন ১১ ছেপ্তেম্বৰ ৰবিবাৰ দিনা দুপৰীয়া আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। বঙাইগাঁও জিলাৰ বালাৰচৰ বানিজ্য বজাৰস্থিত মুখ্য কাৰ্যালয়খন মুকলি কৰে বিশিষ্ট শিক্ষাবিদ তথা আনন্দৰাম বৰুৱা একাডেমীৰ সঞ্চালক ড০ ৰঞ্জিত ডেকাই, উপস্থিত থাকে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ, অসম সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক তথা মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰী। মুখ্য কাৰ্যালয়খন মুকলি কৰাৰ পিছত মুকলি সভা অনুষ্ঠিত হয়। সাংবাদিক মোনোৱাৰ হুছাইনে আত ধৰা সভাখনত অসমীয়া খবৰ কাকতৰ কোকিলাৰ জেষ্ঠ্য সাংবাদিক তথা কোকিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে সাংবাদিকতাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰি কয় নতুনকৈ ভূমুকি মৰা B24 ASSAM নামৰ পোৰ্টেল খনে ৰাইজৰ আস্থা আৰু বিশ্বাস যোগ্য, তথ্য সম্বৃদ্ধ অনুসন্ধান মূলক সংবাদৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। মুকলি সভাত কোকিলা প্ৰেছ ক্লাৱৰ সভাপতি মকিবুল ইছলাম, মাণিকপুৰ প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল ছোবাহান আলী, সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি ছেকান্দাৰ প্ৰধানী, প্ৰাক্তন আছু নেতা ছফিয়ৰ আলীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি B24 ASSAM ৰ ভৱিষ্যত কৰণীয় ভূমিকাৰ ওপৰত পৰামৰ্শ প্ৰদান কৰে। অতিথি সকলোক আদৰণি জনায় পোৰ্টেল খনৰ কৰ্ম কৰ্তা ক্ৰমে আবুল কাইয়ুম আল-আমিন, ৰফিক আলম, ইমদাদুল হক, আৰু আব্দুল কৰিম আকন্দে। কাৰ্যালয় মুকলি অনুষ্ঠানত বৃহত্তৰ অ অঞ্চলৰ জনপ্ৰতিনিধি, সচেতন ৰাইজ উপস্থিত থাকে। আবেলি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি ৰাইজক আপ্লুত কৰে।