ঐতিহাসিক চৰাইদেউ মৈদামৰ সমীপতে থকা চৰাইদেউ দেওশালত আজি বৃক্ষৰোপণ আৰু চাফাই কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অৱহেলিত তথা উপেক্ষিত হৈ থকা চৰাইদেউ দেওশালক  হাবি জংঘলৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ লগতে এই স্থানক সংৰক্ষণ কৰিবলৈ চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিগত দুটা বছৰে চেষ্টা চলাই আহিছে। ইয়াৰ অংশ স্বৰূপে আজি বৃক্ষৰোপণ আৰু চাফাই কাৰ্যসূচী গ্ৰহণ কৰা হয়। মন কৰিবলগীয়া যে চৰাইদেউ দেওশালৰ বৃহৎ পৰিসৰৰ মাটিকালি বেদখল হোৱাৰ অভিযোগ উত্থাপন হৈছে সম্প্ৰতি। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ দেওশালক সংৰক্ষণ কৰিবলৈ চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে অনুৰোধ জনাইছে চৰকাৰৰ প্ৰতি।