বাইহাটা চাৰিআলিৰ বেজেৰাত ভয়ংকৰ পথ দূৰ্ঘটনা।

ডাম্পাৰে মহতিয়ালে এজন লোকক। জানিব পৰা মতে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত শালমাৰা নিবাসী কামাখ্যা শৰ্মা নামৰ লোক জনে আজি দিনৰ ভাগত নিজৰ চাইকেলখন লৈ বেজেৰাত বজাৰ কৰিবলৈ আহে। কিন্তু বজাৰ কৰি প্ৰায় ২-৩০ বজাত গৃহভিমুখে ৰাওনা হোৱাৰ সময়তে একেটা দিশেৰে যোৱা ডাম্পাৰ এখনে লোকজনক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মহতিয়াই থৈ যায়। ফলত কামাখ্যা শৰ্মা নামৰ লোক জন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। সংকটজনক অৱস্থাত কামাখ্যা শৰ্মাক ততাতৈয়াকৈ জি এম চি এইচলৈ প্ৰেৰণ কৰে যদিও আদবাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন বাইহাটা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। 

দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰায় এঘন্টা সময় তীব্ৰ যানজতৰ সৃষ্টি হয়।