ভাৰতীয় উপকূলৰক্ষী বাহিনী (ICG) আৰু এটিএছ গুজৰাটৰ এটা দলে চলোৱা এক যুটীয়া অভিযানত পাকিস্তানৰ দুখন নাৱৰ পৰা ২০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে।

জানিব পৰা মতে বুধবাৰে পুৱতি নিশা ভাৰতীয় উপকূলৰক্ষী বাহিনী (ICG) আৰু এটিএছ গুজৰাটৰ এটা দলে যুটীয়া ভাৱে অভিযান চলাই পাকিস্তানী নাও দুখন জব্দ কৰে।

নাও দুখনৰ পৰা আৰক্ষীয়ে ৪ কিলোগ্ৰাম হেৰোইন জব্দ কৰিছে। 

এই হেৰোইন খিনিৰ বজাৰ মূল্য প্ৰায় ২০০ কোটি টকা হ’ব বুলি জনাই অভিযান কাৰী দলটোৱে। 

হেৰোইন খিনিৰ লগতে ৬ জন লোককো গ্ৰেপ্তাৰ কৰিছে।